নিউজ ডেস্ক, 13 জুলাইঃ কেৰালাৰ বহু চৰ্চিত সোণৰ কেলেংকাৰী সন্দৰ্ভত কোচিৰ সীমা শুল্ক বিষয়াই দেওবাৰে ফোনযোগে মন্তব্য গ্ৰহণ কৰে ঘটনাৰ লগত জড়িত তৃতীয় অভিযুক্ত ফাজিল ফৰিদৰ ৷ সীমা শুল্ক বিষয়াৰ ভাষ্য অনুসৰি ডুবাইত আছে অভিযুক্ত ফাজিল ফৰিদ ৷ যাৰ বাবে সোণ দুৰ্নীতিৰ সন্দৰ্ভত ফোনযোগে মতামত গ্ৰহণ কৰে কোচিৰ সীমা শুল্ক বিষয়াই ৷ লগতে ঘটনাৰ লগত জড়িত থকা আন অভিযুক্ত সন্দৰ্ভত তথ্য গ্ৰহণ কৰাৰ বাবে আন সহযোগীসকলৰ লগত ফোনযোগে বাৰ্তালাপা কৰিবলৈ ফৰিদক নিৰ্দেশ দিয়ে সীমা শুল্ক বিষয়াই ৷
কেৰালাৰ সোণ কেলেংকাৰীঃ ফোনযোগে ডুবাইস্থিত অভিযু্ক্তৰ মতামত গ্ৰহণ সীমা শুল্ক বিষয়াৰ - Gold smuggling
দেওবাৰে কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত কোচিৰ সীমা শুল্ক বিষয়াই ফোনযোগে মতামত গ্ৰহণ কৰে ঘটনাৰ লগত জড়িত তৃতীয় গৰাকী অভিযুক্ত ফাজিল ফৰিদৰ ৷ অভিযুক্ত ফৰিদ ডুবাইত থকাৰ বাবেই ফোনযোগে মতামত গ্ৰহণ কৰে সীমা শুল্ক বিষয়াই ৷
কেৰালাৰ সোণ দুৰ্নীতিঃ ফোনযোগে ডুবাইস্থিত অভিযু্ক্তৰ মতামত গ্ৰহণ সীমা শুল্ক বিষয়াৰ
আনহাতে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আদালতে কেৰালা দুৰ্নীতি সন্দৰ্ভত দেওবাৰে অভিযুক্ত স্বপ্ন সুৰেশ আৰু সন্দীপ নায়ৰক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷