অসম

assam

আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে দেশৰ বিত্তীয় সংকট পূৰণ হ'বঃ নিৰ্মলা সীতাৰমণ

By

Published : Jun 9, 2020, 6:44 PM IST

লক ডাউনৰ মাজতে মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ চৰকাৰী খণ্ডৰ বেংকৰ পৰিচালক সকলৰ সৈতে ক্ৰেডিট লাইন গেৰান্টি যোজনা সন্দৰ্ভত আলোচনা কৰে । মন্ত্ৰীগৰাকীয়ে বেংক সমূহক আপাতকালীন ঋণ গেৰান্টিৰ অধীনত ২০০০০ কোটি টকা জমা কৰিবলৈ পৰামৰ্শ দিয়ে ।

keep-lending-to-msmes-but-support-other-businesses-too-fm-to-psbs
keep-lending-to-msmes-but-support-other-businesses-too-fm-to-psbs

নিউজ ডেস্ক, ৯ জুন :লক ডাউনৰ মাজতে মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ চৰকাৰী খণ্ডৰ বেংকৰ পৰিচালক সকলৰ সৈতে এক বৈঠকত মিলিত হয় । আৰু ক্ৰেডিট লাইন গেৰান্টি যোজনা সন্দৰ্ভত আলোচনা কৰে ।

আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে দেশৰ বিত্তীয় সংকট পূৰণ হ'বঃ নিৰ্মলা সীতাৰমণ

ভিডি'অ কনফাৰেন্সৰ দ্ধাৰাই মন্ত্ৰী গৰাকীয়ে ৰাজ্য সমূহৰ ঋণ দাতা সকলক অন্য ব্যৱস্থাৰ দ্ধাৰাই ঋণ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । বিত্ত বিভাগে এক টুইটযোগে জনোৱা অনুসৰি,বিত্তীয় পৰ্যালোচনা আৰু অন্যান্য ব্যৱসায়ৰ চাহিদা পূৰণ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।বিত্তমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি,কোভিড-১৯ৰ সময়ত আত্মনিৰ্ভৰ ভাৰত আঁচনি কেৱল এম এছ এমকে নহয় সকলো সংস্থাকে প্ৰদান কৰা হৈছে ।

মন্ত্ৰীগৰাকীয়ে বেংক সমূহক আপাতকালীন ঋণ গেৰান্টিৰ অধীনত ২০০০০ কোটি টকা জমা কৰিবলৈ পৰামৰ্শ দিয়ে । এই টকা সমূহ আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ টকা । যিসমূহ কোভিড-১৯ আৰু লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিৰ সংকট দূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যাব ।

লগতে পঢ়ক : নেটফ্লিক্সত মুক্তি লাভ কৰিব 'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল '

ABOUT THE AUTHOR

...view details