নেশ্যনেল ডেস্ক, 14 অক্টোবৰ:কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে, "যদি ৰাষ্ট্ৰীয় জনতা দলে বিহাৰৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে, তেন্তে কাশ্মীৰি সন্ত্ৰাসবাদীসকলে ৰাজ্যখনত শৰণ ল'ব" বুলি কৈ ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে ৷
ৰায়ে বৈশালীৰ মাহানাৰ নিৰ্বাচনী ক্ষেত্ৰত অনুষ্ঠিত এটা ৰেলীত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিছিল ৷ সোমবাৰে তেওঁ কৰা মন্তব্যতো 2015 চনত বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই প্ৰদান কৰা এক মন্তব্যৰ প্ৰায় একেই আছিল ৷ বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে কৈছিল, "যদি মহাজোঁটে নিৰ্বাচনত জয়ী হয় তেন্তে পাকিস্তানত ফটকা ফুটুৱা হ'ব ৷"