অসম

assam

By

Published : Oct 25, 2019, 9:13 PM IST

ETV Bharat / bharat

কি হ'ব জম্মু-কাশ্মীৰৰ,82 দিনলৈ স্বাভাৱিক হোৱা নাই জনজীৱন !

82 দিনৰ পাচতো জম্মু-কাশ্মীৰত স্বাভাৱিক হোৱা নাই জনজীৱন ৷ শুকুৰবাৰে ক্ৰমাগতভাৱে 12 বাৰৰ বাবে জামে মজদিত নামাজ পঢ়াৰ কোনো অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে ৷ ৰাজপথত বাহনৰ সংখ্যা তেনেই সীমিত ৷

82 দিনলৈ স্বাভাৱিক হোৱা নাই জনজীৱন

নিউজ ডেস্ক, 25 অক্টোবৰঃএতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই জম্মু-কাশ্মীৰৰ জনজীৱন ৷ শুকুৰবাৰে বন্ধ হৈ থকা দেখা গ'ল কাশ্মীৰৰ নওহাটাস্থিত জামে মজিদ ৷ ক্ৰমাগতভাৱে 12 নম্বৰ বাৰৰ বাবে জামে মজদিত নামাজ পঢ়াৰ কোনো অনুমতি প্ৰদান নকৰিলে প্ৰশাসনে ৷ জামে মজদিৰ মুখ্যদ্বাৰ বন্ধ কৰি ৰখাৰ লগতে কটকটীয়া আছিল নিৰাপত্তা বেষ্টনী ৷

কি হ'ব জম্মু-কাশ্মীৰৰ

উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 কৰ্তনৰ পাচতেই ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা ৷ জাৰী কৰা হৈছিল সান্ধ্য আইন ৷ সান্ধ্য আইন শিথিল কৰা প্ৰায় 82 দিন উকলি গ'ল ৷ কিন্তু তথাপিতো ৰাজ্যখনত আজিলৈকে স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই ৷ শুকুৰবাৰেও দেখা গ'ল অনুৰূপ দৃশ্য ৷ ৰাজ্যখনৰ মুখ্য বাণিজ্যিক অঞ্চল সমূহৰ লগতে লাল চৌকৰো অধিকাংশ দোকানেই বন্ধ থকা দেখা যায় ৷ ৰাজপথত গাড়ী-মটৰৰ সংখ্যাও তেনেই সীমিত হোৱা পৰিলক্ষিত হয় ৷ চৰকাৰী পৰিবহন নিগমৰ কেইখনমান বাছৰ বাহিৰে আন বাহনৰ সংখ্যা তেনেই সীমিত ৷

ইপিনে,ৰাজ্যখনত বিগত 4 আগষ্টৰ পৰা মোবাইলৰ ইন্টাৰনেট সেৱা বন্ধ হৈ আছে ৷ স্কুল আৰু কলেজ খুলা আছে যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই সীমিত ৷ ৰাজ্যখনৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু মেহবুবা মুফটিক গৃহবন্দী কৰি ৰাখিছে প্ৰশাসনে ৷ আনহাতে, আপত্তিজনক মন্তব্যৰ বাবে আৰক্ষীয়ে আটক কৰি ৰাখিছে শ্ৰীনগৰ লোকসভা সমষ্টিৰ সাংসদ ফাৰুক আব্দুল্লাক

লগতে চাওকঃক'অপাৰেটিভ বেংকৰ সংকটজনক অৱস্থা আৰু পৰিত্ৰাণৰ উপায়

ABOUT THE AUTHOR

...view details