নেশ্যনেল ডেক্স, 26 মেঃ 1 জুনৰ পৰা কৰ্ণাটকৰ মন্দিৰসমূহ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব । মন্দিৰ সমূহত পূজা আৰু আৰতি আৰম্ভ কৰাৰ বাবে কৰ্ণাটক চৰকাৰে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে । কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ পিছত ধৰ্মীয় অনুষ্ঠান খোলা দিয়া কৰ্ণাটকেই প্ৰথমখন ৰাজ্য ।
মঙলবাৰে মুখ্যমন্ত্ৰী বিএচ য়েদিয়াৰাপ্পাই নিজ ঘৰৰ কাৰ্যালয়ত মন্ত্ৰী কোটা শ্ৰীনিকাচা পুজাৰী আৰু অন্যান্য মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও এই বৈঠকতে মন্দিৰসমূহত দৰ্শনাৰ্থীৰ বাবে অনলাইন বুকিং আৰু দৰ্শনৰ সময়ত সামাজিক দূৰত্ব মানি চলা বাধ্যতামূলক কৰা আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।