অসম

assam

ETV Bharat / bharat

ডিজাইনাৰ অনাইতা শ্ৰফ আদজানিয়াক সমালোচনা অভিনেত্ৰী কংগনা ৰাণাৱতৰ - Vogue India

'ভোগ ইণ্ডিয়া' আলোচনীখনে অভিনেত্ৰী কংগনাক নিষিদ্ধ কৰাৰ পাছতো আলোচনীখনত তেখেতৰ ফটো লগাই ডিজাইনাৰ তথা পৰিচালক অনাইতা শ্ৰফে নিজক প্ৰচাৰ কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰযোজন কৰণ জোহৰৰ লগত অনাইতা শ্ৰফ আদজানিয়া ঘনিষ্ট হোৱা বাবে 'ভোগ ইণ্ডিয়া'ৰ পৰা কংগনাক নিষিদ্ধ কৰা হৈছিল বুলি অভিনেত্ৰীগৰাকীৰ টীমে উল্লেখ কৰে।

কংগনা ৰাণাওত
Kangana calls out stylist for using her pictures despite banning her from magazine

By

Published : Jun 22, 2020, 1:15 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২২ জুনঃ বলীউড জগতৰ স্বজন-তোষণক লৈ মাত মতা অভিনেত্ৰী কংগনা ৰাণাৱতে এইবাৰ জনপ্ৰিয় কষ্টিউম ডিজাইনাৰ অনাইতা শ্ৰফ আদজানিয়াক তীব্ৰ সমালোচনা কৰে। ডিজাইনাৰ অনাইতা 'ভোগ ইণ্ডিয়া'(Vogue India) আলোচনীৰ পৰিচালক হিচাপে কৰ্মৰত। 'ভোগ ইণ্ডিয়া' আলোছনীখনে অভিনেত্ৰী কংগনাক নিষিদ্ধ কৰাৰ পাছতো আলোছনীখনত তেখেতৰ ফটো লগাই পৰিচালক অনাইতা শ্ৰফে নিজক প্ৰচাৰ কৰি থকাৰ অভিযোগ উত্থাপিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। কংগনা ৰাণাৱতৰ টীমে এক টুইটযোগে এই সন্দৰ্ভত উল্লেখ কৰে। প্ৰযোজন কৰণ জোহৰৰ লগত অনাইতা শ্ৰফ আদজানিয়া অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবে 'ভোগ ইণ্ডিয়া'ৰ পৰা কংগনাক নিষিদ্ধ কৰা হৈছিল বুলি অভিনেত্ৰীগৰাকীৰ টীমে উল্লেখ কৰে।

ডিজাইনাৰ অনাইতা শ্ৰফ আদজানিয়াক সমালোচনা অভিনেত্ৰী কংগনা ৰাণাৱতৰ

২০০৮ বৰ্ষত কংগনা ৰানাৱত অভিনীত ছবি 'ফেশ্বন' ৰ মুক্তিৰ সময়ত 'ভোগ ইণ্ডিয়া' আলোচনীয়ে ক'ভাৰ পেজত অভিনেত্ৰী কংগনাৰ ফটো নছপোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কংগনাৰ পৰিৱৰ্তে আলোচনীখনৰ উক্ত সংখ্যাৰ ক'ভাৰ পেজত প্ৰকাশ পাইছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ ফটো। পৰিচালক অনাইতা শ্ৰফ আদজানিয়াই কংগনাক A-তালিকাত নথকা বুলি উল্লেখ কৰিছিল। ইয়াৰ পাছত ২০১৪ বৰ্ষত পুনৰ আলোছনীখনৰ ক'ভাৰৰ বাবে কংগনাৰ লগত যোগাযোগ কৰিছিল অনাইতাই, কিন্তু কংগনা ৰানাৱতৰ ষ্টাইল অনাইতাই নিজে নকৰি তেখেতৰ সহযোগী এগৰাকীক পঠিয়াই দিছিল। অনাইতা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত এই কথা উল্লেখ কৰে অভিনেত্ৰী কংগনা ৰাণাৱতে।

ডিজাইনাৰ অনাইতা শ্ৰফ আদজানিয়াক সমালোচনা অভিনেত্ৰী কংগনা ৰাণাৱতৰ

ইয়াৰ পাছত ২০১৫ বৰ্ষত হঠাত্ এদিন কংগনাৰ লগত যোগাযোগ কৰি যদি অনাইতাৰ আলোচনীৰ ক'ভাৰ হ'ব খোজে তেন্তে তেখেতৰ বিউটি এৱাৰ্ড শ্ব'ত অংশগ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে। কংগনাই অনাইতাৰ এই প্ৰস্তাৱ মানি লয় যদিও অনাইতাই নিজে অভিনেত্ৰীগৰাকীৰ ষ্টাইল কৰিব লাগিব বুলি অনুৰোধ কৰে। কিন্তু পূৰ্বৰ দৰে পুনৰ ডিজাইনাৰগৰাকীয়ে তেখেতৰ সহযোগীক কংগনাৰ ষ্টাইল কৰিবলৈ দিয়ে। লগতে,কংগনাৰ কাৰণে বিশেষ ফিটিং থকা কাপোৰ নাই বুলি উল্লেখ কৰে অনাইতাৰ সহযোগীয়ে। ইয়াকে লৈ বহুত অপমানসূচক অনুভৱ কৰে অভিনেত্ৰী কংগনাই। কিন্তু এনেদৰেই দুবাৰ আলোচনীখনৰ ক'ভাৰৰ কাম কৰে কংগনাই।

অভিনেত্ৰী কংগনাৰ ছবি 'মনিকৰ্ণিকা'ৰ মুক্তিৰ সময়ত ছবিখনৰ প্ৰচাৰৰ বাবে পুনৰ ডিজাইনাৰ অনাইতাৰ আলোচনী 'ভোগ ইণ্ডিয়া'ৰ ক'ভাৰৰ কাম কৰিব খোজে বুলি উল্লেখ কৰিছিল কংগনাই। কিন্তু ছবিখনৰ প্ৰচাৰৰ বাবে আলোচনীখনৰ ক'ভাৰ শ্বুট কৰাৰ বাবে অমান্তি হয় অনাইতা। কিন্তু বিগত কেইবাদিন ধৰি অনাইতাই নিজৰ প্ৰচাৰৰ বাবে ধাৰাবাহিকভাৱে কংগনাৰ ফটো আৰু ভিডিঅ' ব্যৱহাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে।

কংগনাৰ টীমে ছ'চিয়েল মিডিয়াযোগে অনাইতা বিৰুদ্ধে অভিনেত্ৰীগৰাকীক নিষিদ্ধ কৰাৰো অভিযোগ উত্থাপন কৰিছে।

লগতে চাওকঃ জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ

ABOUT THE AUTHOR

...view details