অসম

assam

ETV Bharat / bharat

জুচ জেকিং: চাইবাৰ ক্ৰাইম জগতৰ নতুন কৌশল - চাইবাৰ ক্ৰাইম

জুচ জেকিং হৈছে একমাত্ৰ কৌশল যাৰ দ্বাৰা সহজেই ব্যক্তিগত তথ্য চাইবাৰ অপৰাধীয়ে হস্তগত কৰিব পাৰে ৷ ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে ইয়াৰ বিৰুদ্ধে অধিক সজাগতা ৷

জুচ জেকিং: চাইবাৰ ক্ৰাইম জগতৰ নতুন কৌশল
জুচ জেকিং: চাইবাৰ ক্ৰাইম জগতৰ নতুন কৌশল

By

Published : Jun 20, 2020, 3:22 PM IST

Updated : Jun 23, 2020, 10:13 PM IST

নিউজ ডেস্ক, 20 জুন : চাইবাৰ ক্ৰাইমৰ শব্দাৱলীত শেহতীয়াকৈ সংযোজিত হৈছে এটা নতুন শব্দ, ইয়াক আমি জুচ জেকিং বুলি গম জানো ৷ বহুতেই ইয়াৰ বলি হৈছে আৰু সজাগতাৰ বাহিৰে ইয়াৰ কোনো অন্য গত্যন্তৰ নাই ৷ যেতিয়াৰ পৰাই মোবাইলৰ চাৰ্জাৰ কেবলডাল ডাটা কেবললৈ ৰূপান্তৰিত কৰা হৈছে তেতিয়াৰ পৰাই জুচ জেকিঙৰ সহযোগত ব্যক্তিগত তথ্য দুষ্টচক্ৰৰ হাতত পৰাটো সহজ হৈ পৰিছে ৷

কি হয় এই জুচ জেকিং

হেকাৰে বিমানবন্দৰ, বাছ আস্থান, ৰে'লৱে ষ্টেচন, পাৰ্ক, মল আদিৰ দৰে ৰাজহুৱা স্থানক নিৰ্বাচন কৰি লয় আৰু সেই স্থানত থকা চাৰ্জি পইন্টসমূহ সিহঁতৰ প্ৰাথমিক লক্ষ্য হৈ পৰে ৷ পূৰ্বতেই নিৰ্দিষ্ট কৰি লোৱা ইউএছবি পৰ্টৰ দ্বাৰা এই ডাটা কেবলসমূহেৰে ব্যক্তিগত তথ্যসমূহ হস্তান্তৰ কৰা হয় ৷ হেকাৰে ইয়াৰ দ্বাৰাই ভুক্তভোগী ব্যক্তিগৰাকীৰ বেংকিং পাছৱৰ্ড, সামাজিক মাধ্যমৰ প্ৰফাইল, ব্যক্তিগত তথ্য আৰু ব্যক্তিগত ফটোগ্ৰাফসমূহো হস্তগত কৰি ল'ব পাৰে ৷ পৰৱৰ্তী পৰ্যায়ত হেকাৰে আপোনাৰ পাছৱৰ্ড সলনি কৰি আপোনাক ব্লেকমেইল কৰাৰ লগতে অন্যান্য ধৰনে হাৰাশাস্তি কৰিবলৈ লয় ৷

বাংগালুৰুৰ অপৰাধ শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত সন্দীপ পাটিলে প্ৰকাশ কৰা অনুসৰি, কৰ্নাটকৰ লগতে বাংগালোৰত চাইবাৰ ক্ৰাইম বৃহৎ হাৰে বৃদ্ধি পাইছে ৷ ইতিমধ্যে ইয়াৰ বাবে বাংগালোৰ আৰক্ষীয়ে অনিয়মতভাৱে য'ত ত'ত যেতিয়াই তেতিয়াই পৰীক্ষণ আৰম্ভ কৰিছে আৰু ৰাইজক এই বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰি আছে ৷ যেতিয়ালৈকে ৰাইজে এই বিষয়ত সজাগ নহয় তেতিয়ালৈকে এই অপৰাধৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা নাথাকে, আৰু ৰাজহুৱা স্থানত থকা চাৰ্জি পইন্টসমূহকো এইক্ষেত্ৰত অধিক সুৰক্ষিত কৰি তোলাৰ আৱশ্যকতা আছে ৷

জুচ জেকিং: চাইবাৰ ক্ৰাইম জগতৰ নতুন কৌশল

জুচ জেকিং হৈছে একমাত্ৰ কৌশল যাৰ দ্বাৰা সহজেই ব্যক্তিগত তথ্য চাইবাৰ অপৰাধীয়ে হস্তগত কৰিব পাৰে ৷ ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে ইয়াৰ বিৰুদ্ধে অধিক সজাগতা ৷

লগতে চাওকঃহোম আইশ্ব'লেছনৰ নিৰ্দেশাৱলী কঠোৰভাৱে মানিবলৈ ৰাজ্যক নিৰ্দেশ কেন্দ্ৰৰ

Last Updated : Jun 23, 2020, 10:13 PM IST

ABOUT THE AUTHOR

...view details