অসম

assam

By

Published : Jan 28, 2020, 6:13 PM IST

ETV Bharat / bharat

দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম

বিগত 16 জানুৱাৰীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰদান কৰা দেশদ্ৰোহিতা আৰু উত্তেজনাপূৰ্ণ ভাষণ প্ৰদান কৰাৰ অপৰাধত বিহাৰত গ্ৰেপ্তাৰ হয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থী শ্বাৰ্জিল ইমাম ৷

দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম
দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম

নিউজ ডেস্ক, 28 জানুৱাৰীঃঅসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ পৰা পৃথক কৰি দিব লাগে বুলি প্ৰদান কৰা ভাষণৰ বাবে বিহাৰত গ্ৰেপ্তাৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থী শ্বাৰ্জিল ইমাম ৷ বিগত 16 জানুৱাৰীত নাগৰিকত্ব (সংশোধনী) আইন, 2019 আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ হোৱা প্ৰতিবাদৰ সময়তে ইমামে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰদান কৰা ভাষণৰ পিচতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ঘটনা সন্দৰ্ভত অসমৰ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিল্লী আৰক্ষীয়ে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ আনহাতে গোচৰ ৰুজু হোৱাৰ পিচৰে পৰাই পলাই আছিল অভিযুক্ত শ্বাৰ্জিল ইমাম ৷ অৱশেষত মঙলবাৰে বিহাৰৰ জাহানাবাদ জিলাৰ কাকো আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰে বিহাৰ আৰক্ষীয়ে ৷ দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সহযোগত বিহাৰ আৰক্ষীয়ে ইমামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আনহাতে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বাৰ্জিল ইমামৰ মাতৃয়ে তেওঁৰ পুত্ৰক মিছাকৈয়ে অপৰাধী সজোৱা হৈছে বুলি দাবী কৰে ৷ ইমামে প্ৰদান কৰা 40 মিনিটৰ ভাষণৰ মাত্ৰ 4 ছেকেণ্ড দৃশ্যাংশহে ইন্টাৰনেটত প্ৰচাৰ কৰা হৈছিল বুলি উল্লেখ কৰে ইমামৰ মাতৃয়ে ৷ উল্লেখ্য যে, শ্বাৰ্জিল ইমামৰ পিতৃ আকবৰ ইমামে 2005 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত জাহানাবাদ সমষ্টিত জেডি(ইউ) দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু আৰজেডি দলৰ এছ এন যাদৱৰ হাতত মাত্ৰ 447 টা ভোটত পৰাজয় বৰণ কৰিছিল ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ইমামৰ পৰিয়ালটো উচ্চ শিক্ষিত আৰু কাকো অঞ্চলৰ এক সন্মানীয় পৰিয়ালৰ ভিতৰত অন্যতম ৷ শ্বাৰ্জিল ইমামে কম্পিউটাৰ বিজ্ঞান বিভাগত আইআইটি মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ লগতে জেএনইউত ইতিহাস অধ্যয়ন বিভাগত গৱেষনা কৰি আছে ৷

ABOUT THE AUTHOR

...view details