নিউজ ডেস্ক, ৯ মে' :লকডাউনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিয়াৰ সময়তে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে আগন্তুক বৰ্ষৰ বাবে জুন মাহৰ ২৫ তাৰিখৰ পৰা শ্ৰেণীকোঠা আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জগদেশ কুমাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ।
বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন একাডেমিক কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে । উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চলিত বৰ্ষৰ পৰীক্ষাসমূহ জুলাইৰ ৩০ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ'ব । আনহাতে চলিত ষাণ্মাষিকৰ শ্ৰেণীকোঠাসমূহ অহা ১ আগষ্টৰ পৰা আৰম্ভ হ'ব । আনহাতে বিগত সময়বোৰৰ দৰেই এইবাৰো একেদৰেই অনলাইনযোগে পঞ্জীয়ন তথা নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিছে ।