নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জম্মু-কাশ্মীৰ আৰু লাডাখত ভূমি আইন ঘোষণা কৰাৰ এদিনৰ পিছতে শ্ৰীনগৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলালে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই। দৈনিক ইংৰাজী বাতৰি কাকত 'গ্ৰেটাৰ কাশ্মীৰ'ৰ মুখ্য কাৰ্যালয়, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানৱ অধিকাৰ ৰক্ষাকাৰী খুৰ্ৰম পাৰভেজৰ বাসগৃহ আৰু স্বেচ্ছাসেৱী সংস্থা এথ্ৰাউটৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই অভিযান চলায়।
শ্ৰীনগৰত NIAৰ অভিযানক লৈ মেহবুবা মুফটিৰ কটাক্ষ - ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক বি জে পিৰ 'পালিত সংস্থা' আখ্যা দিলে পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰধান মেহবুবা মুফটিয়ে। বুধবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আকস্মিকভাৱে অভিযান চলোৱাক লৈ মুফটিয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, NIAই বুধবাৰে পুৱা শ্ৰীনগৰৰ ৪টা স্থানত তালাচী চলায়। প্ৰতাপ পাৰ্কস্থিত 'গ্ৰেটাৰ কাশ্মীৰ'ৰ মুখ্য কাৰ্যালয়, সোণবাৰস্থিত মানৱ অধিকাৰ কৰ্মী খুৰ্ৰম পাৰভেজৰ বাসগৃহ আৰু নেহৰু পাৰ্কৰ সমীপত মহম্মদ আমিন ডাংগ'লাৰে জড়িত হাউচব'ট আৰু নৱা কাড়ালস্থিত স্বেচ্ছাসেৱী সংস্থা এথ্ৰাউটৰ কাৰ্যালয়ত NIAই অভিযান চলায়। অৱশ্যে অভিযানৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এই ঘটনাত তীব্ৰ সমালোচনা কৰি পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰধান মেহবুবা মুফটিয়ে টুইটযোগে প্ৰকাশ কৰিছে যে, 'ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা বি জে পিৰ পালিত সংস্থা আৰু বি জে পিৰ নিৰ্দেশ মতে কাম নকৰাৰ সকলৰ বিৰুদ্ধে অকাৰণতে এনেদৰে অভিযান চলাই নগুৰ-নাগতি কৰি ভয় খুৱবলৈ চেষ্টা কৰে ।'
লগতে পঢ়ক: হাৰিয়ানাত ছাত্ৰী হত্যাকাণ্ডঃ আটক দুই অপৰাধী