নিউজ ডেস্ক, ৮ জুলাই :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে কেবিনেটৰ বৈঠকত কৰ'ণা আক্ৰান্ত মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে নিজ বাসগৃহত হোম কোৱাৰেন্টাইন হোৱা বুলি জানিব পৰা গৈছে । এগৰাকী চৰকাৰী বিষয়াই জনাইছে এই তথ্য ।
জানিব পৰা মতে, মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাবে ৰাজ্যখনৰ জল আৰু স্বচ্ছতা মন্ত্ৰী মিথিলেশ ঠাকুৰৰ সংস্পৰ্শলৈ আহিছিল । যি গৰাকী মন্ত্ৰীয়ে ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । আনকি, মুখ্যমন্ত্ৰী গৰাকীয়ে কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীক হোম কোৱাৰেন্টাইন হব'লৈ নিৰ্দেশ প্ৰদান কৰিছে ।