নেশ্যনেল ডেস্ক, ১ ছেপ্টেম্বৰ: শিক্ষাৰ্থী, ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ অন্তত অৱশেষত আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (MAINS) পৰীক্ষা । নেশ্যনেল টেষ্টিং এজেন্সিয়ে COVID-19ৰ স্বাস্থ্যবিধি মানি ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে JEE (MAINS)পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । দেশৰ ৬৬০ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব JEE (MAINS) পৰীক্ষা । পৰীক্ষাৰ্থীসকলক পৰীক্ষাকেন্দ্ৰলৈ যাবলৈ যাতায়াতৰ সুবিধা প্ৰদান কৰিব বুলি উড়িশা, মধ্য প্ৰদেশ, ছট্টিশগড়ৰ চৰকাৰে শিক্ষাৰ্থীক আশ্বাস দিছে । আনহাতে আই আই টিৰ প্ৰাক্তন ছাত্ৰৰ এটা গোট আৰু আন একাংশ ছাত্ৰই যৌথ প্ৰচেষ্টা চলাই পৰীক্ষাৰ্থীৰ পৰিবহণ ব্যৱস্থা সুচল কৰিবলৈ এটা প'ৰ্টেল উন্মোচন কৰিছে । পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ প্ৰতি সহায়ৰ হাত তথা সমৰ্থন জনাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ প'খিয়াল নিশাংকই বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে । লগতে পৰীক্ষা আয়োজনৰ বিষয়ত নেশ্যনেল টেষ্টিং এজেন্সিৰ ওপৰত বিশ্বাস ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনায় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।
সম্প্ৰতি নেশ্যনেল টেষ্টিং এজেন্সিয়ে ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে JEE (MAINS) পৰীক্ষা আৰু ১৩ ছেপ্টেম্বৰত NEET পৰীক্ষা আয়োজনৰ বাবে সাজু হৈছে । JOINT ENTRANCE EXAMINATIONৰ বাবে ৮.৫৮ লাখ আৰু NATIONAL ENTRANCE cum ELIGIBILITY TESTৰ বাবে ১৫.৯৭ লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে । দুয়োটা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি, পৰীক্ষাৰ্থীৰ আসনৰ ক্ষেত্ৰতো বিকল্প ব্যৱস্থা গ্ৰহণ, প্ৰতিটো কোঠাতে পৰীক্ষাৰ্থী সংখ্যা নূন্যতম কৰা হৈছে বুলি নেশ্যনেল টেষ্টিং এজেন্সিৰ সূত্ৰই প্ৰকাশ কৰিছে । পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে আৰু সমাপ্ত হোৱাৰ পিছত আসনসমূহ ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰা হৈছে । পৰীক্ষাকেন্দ্ৰৰ প্ৰৱেশদ্বাৰ আৰু পৰীক্ষাকেন্দ্ৰৰ ভিতৰত হেণ্ড ছেনিটাইজাৰ উপলব্ধ হ'ব । বাৰকোডৰ জৰিয়তে পৰীক্ষাৰ্থীৰ প্ৰৱেশ পত্ৰৰ পৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মাস্ক পৰিধান কৰাৰ লগতে হেণ্ড ছেনিটাইজাৰো নিজৰ লগত ৰাখিব লাগিব বুলি নিৰ্দেশ দিয়া হৈছে । পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পিছতে পৰীক্ষা প্ৰাধিকৰণৰ দ্বাৰা প্ৰদান কৰা ৩ তৰপযুক্ত মাস্ক পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব।