নিউজ ডেস্ক, 9 জুলাই :এখন "চুপ্ৰিম" ৰে'লগাড়ী ৷ অভিলেখসংখ্যক গতিৰে ধাৱমান এইখন ৰে'লগাড়ীয়ে ভূমিকম্পৰ সময়তো যাত্ৰীসকলক নিৰাপদে কঢ়িয়াই লৈ যাবলৈ সক্ষম ৷ উদ্ভাৱনী সক্ষমতাৰ বাবে জনাজাত জাপানে শেহতীয়াকৈ এইখন বিশেষ ৰে'লগাড়ী টোকাইডো-ছিনকানছেন লাইনত চলাই সমগ্ৰ বিশ্বকে চমক প্ৰদান কৰিছে ৷
এই বিশেষ ৰে'লগাড়ীখন হৈছে "N700S" য'ত S মানে Supreme বুলি বুজোৱা হৈছে ৷ জাপানৰ ছিনকানছেন বুলেট ৰে'লগাড়ীৰ সংস্কৰণত ইয়াক নতুনকৈ সংযোজিত কৰা হৈছে আৰু এইখন ৰে'লগাড়ী N700 আৰু N700A আৰ্হিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে ৷
নিয়মানুৱৰ্তিতা মানি চলা দেশখনৰ নিপ্পন কোম্পানীয়ে ৰে'লগাড়ীখন নিৰ্ধাৰিত সময়ত তৈয়াৰ কৰি উলিয়াই ইয়াক সংশ্লিষ্ট কৰ্তৃপক্ষক অৰ্পন কৰিছে ৷ ইয়াৰ উদ্বোধন টকিঅ' অলিম্পিকৰ সৈতে একেলগে ধাৰ্য কৰা হৈছিল, যদিও কোভিড-19ৰ ফলত ইয়াক পিছুৱাই দিয়া হয় ৷ ৰে'লগাড়ীখনে সৰ্বাধিক 360 কিলোমিটাৰ প্ৰতি ঘন্টাত চলাচল কৰিব পৰাকৈ সক্ষম ৷ ইয়াৰ কাৰ্যকৰী গতিবেগ হৈছে প্ৰতিঘন্টাত 285 কিলোমিটাৰ ৷ ইয়াৰ অন্যতম বৈশিষ্ট হৈছে সুৰক্ষা ব্যৱস্থা ৷ ছিনকানছেন নেটৱৰ্কৰ ভূমিকম্প চিনাক্তকৰণৰ এক আগতীয়া ব্যৱস্থা আছে ৷ বিশেষ ব্ৰেকিং ব্যৱস্থাৰে পৰিপূৰ্ণ ৰে'লগাড়ীখনে সৰ্বাধিক গতিত থকাৰ সময়তো নিৰাপদে ব্ৰেক লগাব পাৰে ৷ এইখন হৈছে বিশ্বৰ প্ৰথমখন ৰে'লগাড়ী য'ত lithium-ion battery self- propulsion ব্যৱস্থা সংযোজন কৰা হৈছে ৷ ইয়াৰ শক্তি ব্যৱস্থাত যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়তো কম দুৰত্বত ই চলাচল কৰিব পৰাকৈ সক্ষম কৰি তোলে ৷ ইয়াৰ উপৰিও হাই-ৰিস্ক এলেকা যেনে, সুৰংগ আৰু অভাৰ-ব্ৰীজৰ ওপৰেদি প্ৰাকৃতি দুৰ্যোগৰ সময়তো ইয়াক পাৰ হৈ যাবলৈ সক্ষমতা প্ৰদান কৰে ৷