অসম

assam

ETV Bharat / bharat

ভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও - একক ব্যৱহৃত প্লাষ্টিক

জল সংৰক্ষণ আৰু পৰিচালনাৰ প্ৰচেষ্টাৰ পিচতেই ঝাড়খণ্ডৰ আৰা আৰু কেৰাম নামৰ দুখন গাঁৱৰ বাসিন্দাই একক ব্যৱহৃত প্লাষ্টিকৰ পৰা নিজৰ অঞ্চলটোক মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰে ৷

ঝাড়খণ্ডক দুখন গাঁও
ঝাড়খণ্ডক দুখন গাঁও

By

Published : Jan 17, 2020, 2:51 PM IST

Updated : Jan 17, 2020, 3:25 PM IST

নিউজ ডেস্ক, 17 জানুৱাৰীঃজল সংৰক্ষণ আৰু পৰিচালনাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰাৰ পিচত, ঝাড়খণ্ডৰ দুখন গাঁও আৰা আৰু কেৰামৰ বাসিন্দা সকলে নিজৰ ঠাইখন প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্যৰে কাম আৰম্ভ কৰিছে ৷

ঝাড়খণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা 25 কিলোমিটাৰ নিলগত অৱস্থিত আৰা আৰু কেৰামৰ গাঁও পঞ্চায়তে তেওঁলোকৰ গাঁওখনক একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা মুক্ত কৰাৰ অৰ্থে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷

পঞ্চায়তৰ সদস্য সকলে এই বিষয়ত সচেতনতা অৱলম্বনৰ বাবে ইতিমধ্যে অভিযান চলাই আছে আৰু এই প্লাষ্টিক বৰ্জন বিধিক উলংঘা কৰা লোকসকলে জৰিমনা বিহিব লগীয়াও হৈছে

ঝাড়খণ্ডক দুখন প্লাষ্টিক মুক্ত গাঁও

পঞ্চায়তৰ দ্বাৰা গ্ৰহণ কৰা এই উদ্যোগত দুয়োখন গাঁৱৰ নিৱাসী সকলৰ পৰা সমানে সহায় লাভ কৰিছে ৷ তেওঁলোকে নিশ্চিত কৰে যে, তেওঁলোকে কাপোৰৰ মোনা ব্যৱহাৰ কৰে বজাৰকে আদি কৰি বিভিন্ন কাম কাজৰ বাবে গাঁওখনৰ আন এজন লোক বাবু ৰাম গোপে পঞ্চায়তৰ এই পদক্ষেপৰ প্ৰসংশা কৰাৰ লগতে ইটিভি ভাৰতক বৰ্জিত প্লাষ্টিকৰ বেয়া প্ৰভাৱ সমূহৰ ব্যাখ্যা দাঙি ধৰে ৷

বৰ্জিত প্লাষ্টিক অপসাৰণৰ বাবে আৰা আৰু কেৰাম গাঁৱে বহুদিন পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত বৰ্ষত দেশৰ সমগ্ৰ গ্ৰাম্য প্ৰধান সকলক তেওঁলোকৰ গাঁও সমূহ একক ব্যবহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ জনাইছিল ৷ যি ক্ষেত্ৰত ঝাড়খণ্ডৰ এই দুয়োখন গাঁৱে নিজৰ কৰণীয়খিনি সম্পাদন কৰা দেখা গৈছে ৷

লগতে পঢ়কঃতামিলনাডুত প্লাষ্টিক ৰোধৰ বিশেষ পদক্ষেপ

Last Updated : Jan 17, 2020, 3:25 PM IST

ABOUT THE AUTHOR

...view details