অসম

assam

ETV Bharat / bharat

দিল্লী সংঘৰ্ষত জড়িত জামিয়াৰ ছাত্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - জামিয়াৰ ছাত্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

চলিত বৰ্ষত উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অপৰাধত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক 14 দিনৰ ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰে দিল্লীৰ এখন আদালতে ৷

জামিয়াৰ ছাত্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
জামিয়াৰ ছাত্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

By

Published : Apr 16, 2020, 2:53 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃচলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী শিক্ষাৰ্থীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক শিক্ষাৰ্থীক এইদৰে হিংসাত্মক ঘটনাত জড়িত থকাৰ লগতে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

দিল্লীস্থিত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ আৰজেডি ইয়ুথ উইঙৰ সভাপতি মিৰান হাইদৰক 2 এপ্ৰিল গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ 3 এপ্ৰিলত হাইদৰক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত পুনৰ 9 দিনৰ জিম্মাত লোৱা হৈছিল হাইদৰক ৷ কিন্তু আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত শিক্ষাৰ্থীগৰাকীক মেট্ৰ’পলিটান দণ্ডাধীশ ৰোহিত গুলিয়াৰ আদালতত উপস্থাপন কৰা হয় ৷ ৰোহিত গুলিয়াৰ আদালতে বুধবাৰে হাইদৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বুলি অধিবক্তা আক্ৰাম খানে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত চোৰাংচোৱা বিভাগৰ কৰ্মচাৰী অংকিত শৰ্মাকে ধৰি দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতন লাল তথা সৰ্বমুঠ 53গৰাকী লোক হত্যাৰ বলি হৈছিল ৷

লগতে পঢ়কঃৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক

ABOUT THE AUTHOR

...view details