নতুন দিল্লী, ১৮ মে': ৩১ মে' পৰ্যন্ত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিল্লী ন্যায়ালয়ৰ । নতুন দিল্লীৰ জামিয়া নগৰত বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাত অভিযুক্ত ছাত্ৰগৰাকী ।
৩১ মে' পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ জামিয়াৰ শিক্ষাৰ্থীক - ১৫ ডিচেম্বৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাত অভিযুক্ত
দিল্লী ন্যায়ালয়ে শেহতীয়াকৈ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্য়ালয়ৰ এগৰাকী পাৰ্চিয়ান ভাষাৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিফ ইকবাল তানহাক ৩১ মে'লৈ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰে । জামিয়া নগৰত ১৫ ডিচেম্বৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰিছিল ছাত্ৰজনৰ ।
৩১ মে' পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ জামিয়াৰ শিক্ষাৰ্থীক
ছাত্ৰগৰাকী হৈছে পাৰ্চিয়ান ভাষাৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থী আছিফ ইকবাল তানহা । নাগৰিকত্ব সংশোধনী বিধেয়েকক (আইন) লৈ কৰা প্ৰতিবাদৰ সময়তে জামিয়া নগৰত হিংসাত্মক ঘটনাৰ সূচনা কৰাৰ অভিযোগত অভিযুক্ত ছাত্ৰগৰাকী ।
যোৱা ১৫ ডিচেম্বৰত জামিয়া ওচৰত অনুষ্ঠিত হোৱা বৃহৎ প্ৰতিবাদ কাৰ্যসূচীতে হঠাৎ প্ৰতিবাদকাৰী আৰু আৰক্ষী খণ্ড যুদ্ধত লিপ্ত হৈছিল । এই সংঘৰ্ষতেই আৰক্ষী-ছাত্ৰ সহ অতি কমেও ৪০ জনকৈ লোক আহত হৈছিল ।