অসম

assam

কেৰালাৰ বানত ক্ষতিগ্ৰস্থ ২৫ টা পৰিয়ালৰ বাসগৃহ নিৰ্মাণ জমাত-এ-ইছলামী হিন্দৰ

By

Published : Jun 15, 2020, 9:09 AM IST

জমাত-এ-ইছলামী হিন্দে কেৰালাৰ বানত ক্ষতিগ্ৰস্থ হোৱা ২৫ টা পৰিয়াললৈ সাহাৰ্য আগবঢ়াই । ২০১৮ চনত কেৰালা হোৱা ভয়াৱহ বানত সৰ্বস্ব হেৰুওৱা ২৫ টা পৰিয়ালক বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ উপৰিও সকলো সা- সুবিধা প্ৰদান কৰে জমাত-এ-ইছলামী হিন্দে ।

কেৰালা
কেৰালাৰ বানত ক্ষতিগ্ৰস্থ ২৫ টা পৰিয়ালৰ বাসগৃহ নিৰ্মাণ জমাত-এ-ইছলামী হিন্দৰ

নিউজ ডেস্ক, ১৫ জুনঃ কেৰালাৰ বানত ক্ষতিগ্ৰস্থ হোৱা ২৫ টা পৰিয়াললৈ সাহাৰ্য আগবঢ়াই জমাত-এ-ইছলামী হিন্দে । কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীৰ সমষ্টি বায়নাগত জমাত-এ-ইছলামী হিন্দে ২৫ টা পৰিয়ালক পুনৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ উপৰিও অন্যান্য সা-সুবিধা সমূহো প্ৰদান কৰে ।

কেৰালাৰ পীপুলছ ফাউণ্ডেছনৰ উদ্যোগত ২০১৮ চনত কেৰালাত হোৱা ভয়াৱহ বানত গৃহহীন হোৱা লোক সকলকৰ বাবে পুৰ্নবাস যোজনাৰ অধীনত সমগ্ৰ ৰাজ্যখনতে মুঠ ৩০৫ টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰি দিয়া হৈছে ।

কেৰালাৰ বানত ক্ষতিগ্ৰস্থ ২৫ টা পৰিয়ালৰ বাসগৃহ নিৰ্মাণ জমাত-এ-ইছলামী হিন্দৰ

আনহাতে, দেওবাৰে ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে জমাত-এ-ইছলামী হিন্দেৰ অধ্যক্ষ ছৈয়দ সদাতুল্লা হুছৈনীয়ে গাঁৱখনৰ ৰাইজক সম্বোধন কৰি কয় যে, মহামাৰী COVID-19ৰ সংকটময় সময়ত লোক সকলৰ মাজত বিভাজন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক ।

আনহাতে, জমাত-এ-ইছলামী হিন্দে অনুষ্ঠিত কৰা গৃহ উদ্বোধন অনুষ্ঠানত কেৰালাৰ মন্ত্ৰী সুনীল কুমাৰ কডনাপ্পলী ৰামচন্দ্ৰন, আৰু অধ্যক্ষ পি শ্ৰীৰামকৃষ্ণনে ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details