অসম

assam

ETV Bharat / bharat

ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ মাহ ৰমজানৰ আৰম্ভনিৰ পূৰ্বেই বগা আৰু সোণালী পোহৰেৰে জিলিকাই তোলা হয় দিল্লীস্থিত দেশৰ সৰ্ববৃহৎ মছজিদ, জামা মছজিদ । ৰমজান মাহ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰপতি আৰু অন্যান্যসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ।

ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ
ৰমজান উপলক্ষে পোহৰেৰে সজাই তোলা হ'ল দিল্লীৰ জামা মছজিদ

By

Published : Apr 25, 2020, 3:11 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃকৰ'ণা ভাইৰাছ আৰু লকডাউনৰ মাজতে দেশৰ বৃৃহত্তম মছজিদ জামা মছজিদক উজ্জ্বল পোহৰেৰে সজাই তোলা হয় । পবিত্ৰ ৰমজান মাহ উপলক্ষে এইদৰে শুকুৰবাৰে নিশাৰ ভাগত সোণালী আৰু বগা পোহৰেৰে জিলিকাই তোলা হয় দিল্লীস্থিত জামা মছজিদ ।

ৰমজান মাহ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অন্যান্য় ৰাজনৈতিক নেতাসকলে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোৰে মংগল কামনা কৰি সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায় । কোভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ সকলোকে প্ৰাৰ্থনা কৰিবলৈ টুইটযোগে আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৰমজান মুবাৰক বুলি তেওঁ টুইট কৰে ।

লগতে পঢ়কঃযোধপুৰৰ পৰা লেহলৈ প্ৰেৰণ ২০৫ গৰাকী বিদেশৰ পৰা অহা ভাৰতীয়

ABOUT THE AUTHOR

...view details