অসম

assam

ETV Bharat / bharat

নামাজৰ বাবে শিথিল জম্মু -কাশ্মীৰৰ সান্ধ্য আইন

নামাজৰ বাবে জম্মু-কাশ্মীৰৰ বহু অঞ্চলত সান্ধ্য আইন শিথিল কৰা হৈছে ৷

নামাজৰ বাবে শিথিল জম্মু - কাশ্মীৰৰ সান্ধ্য আইন

By

Published : Aug 9, 2019, 4:49 PM IST

নেশ্বনেল ডেস্ক, 9 আগষ্ট : শুকুৰবাৰে জম্মু - কাশ্মীৰৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে নামাজত অংশগ্ৰহণ কৰিবৰ বাবে কাশ্মীৰ উপত্যকাৰ স্থানীয় মছজিদ সমূহত শিথিল কৰা হৈছে সান্ধ্য আইন ৷ সন্ত্ৰাসৰ ভাবুকি আৰু অনুচ্ছেদ 370 বাতিলৰ পাচৰ পৰা প্ৰচুৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল জম্মু - কাশ্মীৰত ৷ কিন্তু শুকুৰবাৰে ৰাজ্যখনৰ ৰমবান জিলাৰ কিছু অংশত তিনি ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে৷ ইয়াৰোপৰি, গুল আৰু বাটোটে অঞ্চলত ছয় ঘন্টা আৰু ড'দাত তিনি ঘন্টাৰ বাবে এই আইন শিথিল কৰা হৈছে ৷

জম্মু - কাশ্মীৰৰ এখন বিদ্যালয়

উল্লেখ্য যে, যোৱা দেওবাৰৰ পৰা ৰাজ্যখনত মোবাইল সেৱা, ইন্টাৰনেট সংযোগ আৰু কেবল টিভি সেৱা বন্ধ হৈ পৰাৰ লগতে ঘোষণা কৰিছিল সান্ধ্য আইন ৷ সংবিধানৰ 370 অনুচ্ছেদ বাতিলকৰণ আৰু জম্মু - কাশ্মীৰক দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাছতে ৰাজ্যখনত এই আইন প্ৰয়োগ কৰা হৈছিল ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৰাজ্যখনৰ এই জটিল সময়ত সেই অঞ্চলত উপস্থিত হৈ স্থানীয় লোকসকলৰ সৈতে ভাৱ বিনিময় কৰে ৷

ABOUT THE AUTHOR

...view details