অসম

assam

ETV Bharat / bharat

2019 লোকসভা নিৰ্বাচনৰ প্ৰথম ভোট দান কৰিলে অৰুণাচলৰ আই টি বি পিৰ জোৱানে - ATS

চাৰভিচ ভোটাৰ সুবিধাৰে প্ৰায় 30 লক্ষ ভোটাৰে এইবাৰ ভোটদান কৰিব, উত্তৰাখণ্ড, গুজৰাট, বেংগালুৰু, বিহাৰ, ৰাজাস্থান, হৰিয়ানা, উত্তৰ প্ৰদেশ আৰু বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা লোকসকললৈ ইতিমধ্যে বেলট পেপাৰ প্ৰেৰণ কৰা হৈছে

2019 লোক সভা নিৰ্বাচনৰ প্ৰথম ভোট দান কৰিলে অৰুনাচলৰ আই টি বি পি জোৱান সকলে

By

Published : Apr 6, 2019, 5:42 PM IST

নিউজ ডেস্ক, লুহিটপুৰ(অৰুণাচল প্ৰদেশ), 6 এপ্ৰিলঃ চাৰভিচ ভোটাৰ হিচাপে 2019 লোকসভা নিৰ্বাচনৰ প্ৰথমে ভোট দান কৰিলে অৰুণাচলৰ আই টি বি পি জোৱান সকলে ৷ শুকুৰবাৰে পুৱা 10 বজাৰ পৰা লুহিটপুৰত থকা আই টি বি পি এনিমেল ট্ৰেইনিং স্কুলত চিক্ৰেট পোষ্টেল বেলট আৰম্ভ হয় ৷ আই টি বি পি এ টি এচ’ৰ মুৰব্বি ডি আই জি শুধাকৰ নটৰাজনে প্ৰথম ভোটটো দি ভোটদান প্ৰক্ৰিয়াৰ আৰম্ভণি কৰে ৷ এ টি এচ ইউনিটৰ প্ৰায় 30 জন জোৱানৰ লগতে ৰাজ্যখনত থকা প্ৰায় 5000 জন জোৱানে ভোটদান কৰে ৷ ইয়াৰে 1000 জন আই টি বি পিৰ লোক আছিল ৷

উত্তৰাখণ্ড, গুজৰাট, বেংগালুৰু, বিহাৰ, ৰাজাস্থান, হৰিয়ানা, উত্তৰ প্ৰদেশ আৰু বিভিন্ন ঠাইত কৰ্মৰত হৈ থকা লোকসকললৈ ইতিমধ্যে বেলট পেপাৰ প্ৰেৰণ কৰা হৈছে ৷

এই বছৰ নিৰ্বাচন আয়োগে অধিক সংখ্যক চাকৰিয়ালক ভোটদান প্ৰক্ৰিয়াত সাঙুৰি ল'বলৈ যত্ন কৰিছে ৷ চ'ছিয়েল মিডিয়া, বৈদ্যুতিক মাধ্যম আৰু প্ৰিণ্ট মিডিয়াৰ জৰীয়তে সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ৷ প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক চাৰভিচ ভোটাৰক ভোটদান প্ৰক্ৰিয়াত অন্ত্ৰভুক্ত কৰাৰ চেষ্টা কৰা হৈছে ৷

সামৰিক আৰু পেৰামিলিটেৰি ফৰ্চত কৰ্মৰত লোৰসকলক চাৰভিচ ভোটাৰ হিচাপে পৰিগণিত কৰা হয় ৷ তেওঁলোকে পোষ্টেল বেলট বা তেওঁলোকে নিজে বাচনি কৰি দিয়া প্ৰক্চি ভোটাৰৰ দ্বাৰা ভোটদান কৰিব পাৰে ৷

চাৰভিচ ভোটাৰ সুবিধাৰে প্ৰায় 30 লক্ষ ভোটাৰে এইবাৰ ভোটদান কৰিব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details