অসম

assam

ETV Bharat / bharat

গ্ৰেপ্তাৰ হ’ব নিকি প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম ? - ই ডি

দেশৰ ৰাজনীতিত কেতিয়াও নোহোৱা এক নজিৰবিহিন ঘটনা ৷ INX Media কেলেংকাৰীত অভিযুক্ত হৈছে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম ৷ চি বি আইয়ে 2017 চনৰ মে’ মাহৰ 15 তাৰিখে ৰুজু কৰিছিল গোচৰ ৷ ইয়াৰ ওপৰিও ই ডি য়ে 2018 চনত ধনৰ অবৈধ লেনডেনৰ গোচৰ ৰুজু কৰিছিল ৷ চি বি আইয়ে ইতিমধ্যে পি. চিদাম্বৰম তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াক অভিযুক্ত কৰি গ্ৰেপ্তাৰীৰ পৰোৱান জাৰি কৰিছে ৷ পি.চিদাম্বৰমে দিল্লী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও এই আবেদন নাকচ কৰে দিল্লী উচ্চ ন্যায়ালয়য়ে ৷ চিদাম্বৰমৰ অধিবক্তা কপিল চিবল, চালমান কুৰ্চিদ আৰু বিবেক তাঙখায়ে উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও উচ্চতম ন্যায়ালয়ত অযোধ্যা গোচৰৰ শুনানী চলি থকাৰ বাবে জামিন আবেদনৰ শুনানী নহল ৷  উল্লেখযোগ্য যে, পুৱায়ে চি বি আই দল প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় যদিও মন্ত্ৰীগৰাকীক ঘৰত নাপাই ৷ গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ইতিমধ্যে আত্মগোপন কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

গ্ৰেপ্তাৰ হ’ব নিকি প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম?

By

Published : Aug 21, 2019, 9:27 PM IST

কি হয় INX Media কেলেংকাৰী?

INX Media কেলেংকাৰীৰ কাৰ্যক্ৰমনিকাঃ

15 মে’,2017: INX Mediaৰ বিৰুদ্ধে CBIৰ FIR ৷ Foreign Investment Promotion Board (FIPB)য়ে INX Mediaক 305 কোটি টকাৰ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত 2007 চনত অনুমুদন প্ৰদান কৰিছিল যি সময়ত কাৰ্তি চিদাম্বৰমৰ পিতৃ পি চিদাম্বৰম বিত্ত মন্ত্ৰী আছিল ৷

16 জুন, 2017: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনত থকা Foreigner Regional Registration Officer (FRRO) আৰু Bureau of Immigrationয়ে এখন লুক আওট চাৰ্কুলাৰক জাৰি কৰে ৷

10 আগষ্ট,2017: মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কাৰ্তি চিদাম্বৰম আৰু অন্য চাৰি গৰাকীৰ বিৰুদ্ধে লুক আওট চাৰ্কুলাৰক জাৰি কৰে ৷
14 আগষ্ট,2017: উচ্চতম ন্যায়ালয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে জাৰি কৰা লুক আওট চাৰ্কুলাৰ স্থগিত কৰে ৷

18 আগষ্ট,2017: উচ্চতম ন্যায়ালয়ে কাৰ্তি চিদাম্বৰমক 23 আগষ্টত চি বি আইৰ সন্মোখত প্ৰস্তুত হবলৈ নিৰ্দেশ দিয়ে ৷

22 চেপ্তেম্বৰ, 2017: চি বি আইয়ে উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে যে কাৰ্তি চিদাম্বৰমক বিদেশ যাত্ৰা কৰাত বাধা দিয়া হৈছিল ৷ চি বি আইয়ে উচ্চতম ন্যায়ালয়ক জনাই যে কাৰ্তি চিদাম্বৰমে তথ্য প্ৰমান নষ্ট কৰিবলৈ তেঁওৰ বিদেশত থকা বেংক একাউন্ট সমূহ বন্ধ কৰিছিল ৷

9 আক্টোবৰ, 2017: কাৰ্তি চিদাম্বৰমে জীয়াৰীৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাবলৈ উচ্চতম ন্যায়ালয়ত ব্ৰিটোইনলৈ যাবলৈ অনুমতি বিচাৰে ৷ ইয়াৰ উপৰিও তেওঁ আশ্বাস দিয়ে যে তেওঁ ব্ৰিচেইনত থকা সময়চোৱাত কোনো বেংকলৈ নাযায় ৷ ইয়াৰ লগতে পি.চিদাম্বৰমে উচ্চতম ন্যায়ালয়ত জনাই যে বিজেপি চৰকাৰখনে তেওঁ আৰু তেওঁ পুত্ৰক বিৰুদ্ধে ৰাজনাতিকভাবে প্ৰতিশোধ লৈছে ৷

20 নবেম্বৰ,2017:উচ্চতম ন্যায়ালয়ে কাৰ্তি চিদাম্বৰমক ব্ৰিচেইনলৈ যাবলৈ অনুমতি দিয়ে ৷

8 ডিচেম্বৰ,2017: কাৰ্তি চিদাম্বৰমে Aircel-Maxis deal সন্দৰ্ভত গোচৰত চিবিআইৰ চামনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয় ৷

16 ফেব্ৰুৱাৰী, 2018: কাৰ্তি চিদাম্বৰমৰ চি.এ এচ. ভাস্কৰৰমনক গ্ৰেপ্তাৰ কৰা হয় ৷ কাৰ্তি চিদাম্বৰমৰ ভাৰত আৰু বিদেশত থকা সম্পত্তি নিয়ন্ত্ৰনত সহায় কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷

28 ফেব্ৰুৱাৰী, 2018: বিদেশৰ পৰা ওভতি আহোতে চেন্নাই বিমানবন্দৰত কাৰ্তি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰা হয় আৰু দিল্লীলৈ লৈ যোৱা হয় ৷

23 মেৰ্চ, 2018: 23 দিন জেলত থকা পিছত কাৰ্তি চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰা হয় ৷

25 জুলাই, 2018: উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমক গ্ৰেপ্তাৰ হোৱাৰ পৰা অগ্ৰিম সুৰক্ষা প্ৰদেন কৰে ৷

11 অক্টোবৰ, 2018: ই ডিয়ে INX Media অবৈধ ধন লেনডেনৰ সন্দৰ্ভত কাৰ্তি চিদাম্বৰমৰ ভাৰত, স্পেইন আৰু ব্ৰিটেইনত থকা সম্পত্তিৰ এক তালিকা প্ৰস্তুত কৰে যাক বিচিত্ৰ বুলি আখ্যা দিয়ে পি.চিদাম্বৰমে ৷

11 জুলাই, 2019: INX Media গোচৰ সন্দৰ্ভত ইন্দ্ৰানী মুখাৰ্জী ৰাজসাক্ষী হবলা সন্মত হয় আৰু ন্যাধীশৰ সকলো চৰ্ত মানি লয় ৷

20 আগষ্ট, 2019: দিল্লী উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰে ৷

ABOUT THE AUTHOR

...view details