অসম

assam

ETV Bharat / bharat

আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস - সংসদ

আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস ৷

আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস

By

Published : Sep 15, 2019, 1:28 PM IST

Updated : Sep 15, 2019, 1:37 PM IST

আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গনতন্ত্ৰ সন্দৰ্ভত বাখ্যা আগবঢ়াইছে যে, "Government of the people, by the people, for the people."
অৰ্থাৎ ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ ৷ গণতন্ত্ৰ হ’ল এটা ৰাজনৈতিক মাধ্যম যিয়ে জনগণৰ ৰাজনৈতিক অধিকাৰ, কাৰ্যপালিকাৰ শক্তি নিয়ন্ত্ৰণ, নাগৰিকৰ স্বতন্ত্ৰতাৰ আশ্বাস প্ৰদান কৰে ৷

ভাৰতীয় গণতন্ত্ৰ মানে কেৱল ৰাজনৈতিক ক্ষেত্ৰতে নহয় ই ভাৰতীয় সমাজ ব্যৱস্থা, প্ৰত্যেকগৰাকী ভাৰতীয়ৰ অধিকাৰ, সমতাৰ মূল্য, স্বতন্ত্ৰতা, বন্ধুত্ব, ধৰ্মনিৰপেক্ষতা, সামাজিক বাতাবৰণ আৰু ব্যক্তিগত ন্যায় প্ৰদান সকলোতে আছে ৷

2017 ৰ শেষলৈ 167 খন দেশৰ ভিতৰত 96 খনত গণতান্ত্ৰিক ব্যৱস্থাৰে প্ৰভাৱিত হোৱাৰ বিপৰীতে 21 খন দেশ স্বৈৰাতান্ত্ৰিক হিচাপে বিবেচিত হৈছে ৷ আনহাতে, 46 খন দেশত এতিয়া গণতন্ত্ৰ আৰু স্বৈৰাতন্ত্ৰ দুয়োটা ব্যৱস্থাই বৰ্তি আছে

আইন এখন প্ৰতিষ্ঠিত কৰাৰ বাবে নীতি, ব্যক্তিগত অধিকাৰৰ আশ্বাস, ন্যায় প্ৰদানৰ ক্ষেত্ৰত বৃহৎ চুক্তি মেগনা কাৰ্ট সবাতোকৈ গুৰুত্বপূৰ্ণ চুক্তি

এই চুক্তিত কোৱা হৈছে, কোনো ব্যক্তিকে বন্দী কৰিব নোৱাৰিব, জব্দ কৰিব নোৱাৰিব সা-সম্পত্তি, নিৰ্বাসিত কৰিব নোৱৰিব ব্যক্তি বিশেষক, চিন্তা ধাৰাৰ পৰা কৰিব নোৱাৰিব বঞ্চিত, কোনোধৰণৰ জোৰ জুলুম কৰা নহ’ব ৷ কেৱল আইন বা দেশৰ ক্ষতি হ’ব পৰা বিষয়সমুহ এই চুক্তিৰ আঁওতাত নপৰে

‘‘আমি কোনো বিক্ৰী নহওঁ, কোনেও অগ্ৰাহ্য নকৰো অধিকাৰ আৰু ন্যায়’’

বিশ্বৰ শক্তিশালী গণতন্ত্ৰ

WORLD ECONOMIC FORUM ৰ মতে, শক্তিশালী গণতান্ত্ৰিক দেশসমূহ হ’ল..

  • নৰ’ৱে
  • আইচলেণ্ড
  • ছুইডেন
  • নিউজিলেণ্ড
  • ডেনমাৰ্ক
  • কানাডা
  • আয়াৰলেণ্ড
  • ছুইজাৰলেণ্ড
  • ফিনলেণ্ড
  • অষ্ট্ৰেলিয়া

সংসদ আৰু বিধান পৰিষদত লিংগ সমতা

ভাৰতৰ সংসদত মহিলা প্ৰতিনিধি

  • 2019ৰ লোকসভা নিৰ্বাচনত 716 গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত সংসদলৈ নিৰ্বাচিত হৈছে 78 গৰাকী মহিলা ৷ যিটো মুঠ সাংসদৰ 14 শতাংশ ৷ এই সংখ্যা 2014ত কৈ অধিক ৷ 2014 ত মহিলা সাংসদৰ সংখ্যা আছিল 62 গৰাকী
  • সংসদত মহিলা প্ৰতিনিধিৰ ক্ষেত্ৰত 193 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 149

গণতন্ত্ৰৰ প্ৰতি ভাবুকি

  • জম্মু আৰু কাশ্মীৰত যোগাযোগৰ ক্ষেত্ৰত চৰকাৰী প্ৰতিবন্ধকতাক প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ সমৰ্থন
  • ভাৰতীয় জনতা পাৰ্টীৰ হিন্দুত্ববাদী ৰাজনৈতিক দৰ্শন
  • সাংবিধানিকভাবে স্বতন্ত্ৰ সংস্থা উচ্চতম ন্যায়ালয়, ভাৰতীয় নিৰ্বাচনী আয়োগ, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত প্ৰশ্ন উত্থাপন ৷
  • সাংসদ - বিধায়কৰ হৰ্ছ ট্ৰেডিং
  • ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ, ৰাজনৈতিক দলসমূহৰ ভুৱা প্ৰচাৰ


ভাৰতীয় ৰাজনীতিত অপৰাধ

  • 2019 ৰ নিৰ্বাচিত 539 গৰাকী সাংসদৰ ভিতৰত 233 গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমুলক গোচৰ
  • 2014 ত মুঠ 185 গৰাকী আৰু 2009 ত নিৰ্বাচিত মুঠ সাংসদৰ 162 গৰাকী সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ


গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান

  • দুৰ্নীতি আৰু অক্ষমতা
  • অসামাজিক উপাদানৰ ভূমিকা
  • নাগৰিকৰ বৰ্দ্ধিত অৰ্থনীতি আৰু সামাজিক অসমতা
  • জাতিবাদ আৰু সাম্প্ৰদায়িকতাবাদ

ধৰ্মীয় অন্ধবিশ্বাস - ভাৰতীয় গণতন্ত্ৰৰ বাবে প্ৰত্যাহ্বান

  • পিউ ৰিচাৰ্ছ চেন্টাৰৰ এক গৱেষণাত ভাৰতৰ এক গম্ভীৰ ছবি প্ৰতিফলিত হোৱা দেখা গৈছে ৷ ধৰ্মীয় অসহিষ্ণুতাৰ বাবে 198 খন দেশৰ ভিতৰক ভাৰতক দিয়া হৈছে চতুৰ্থ স্থান
  • অন্ধবিশ্বাসে সংকীৰ্ণ মনোভাৱ, অসহিষ্ণুতা, সাম্প্ৰদায়িকতাবাদ সৃষ্টি কৰে

গণতন্ত্ৰত কলা দিন

  • ইন্দিৰা গান্ধীৰ শাসনৰ সময়ত 1975 চনৰ 25 জুনৰ পৰা 1977 চনৰ 21 মাৰ্চলৈ 21 মহীয়া জৰুৰীকালীন সময়ছোৱা ভাৰতীয় গণতন্ত্ৰৰ বাবে ক'লা দিন হিচপে অভিহিত কৰা হৈছে
Last Updated : Sep 15, 2019, 1:37 PM IST

ABOUT THE AUTHOR

...view details