নেশ্যনেল ডেস্ক, 8 আগষ্ট :ডুবাইৰ পৰা আহি কেৰালাৰ কোজিকোডেৰ কৰিপুৰ বিমান বন্দৰত অৱতৰণ কৰিবলগা এখন বিমান দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় 19 গৰাকী যাত্ৰীৰ ৷ 190 গৰাকী যাত্ৰী আৰু ষ্টাফ সদস্যক কঢ়িয়াই অনা বিমানখন শুকুৰবাৰে সন্ধিয়াভাগত দুৰ্ঘটনাত পতিত হৈছিল ৷ ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰী ৷
আনহাতে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে জনাই যে, উদ্ধাৰ অভিযান সমাপ্ত হৈছে ৷ আঘাতপ্ৰাপ্ত সকলক মাল্লাপুৰম আৰু কোজিকোডে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷
এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷ টুইটাৰৰ জৰিয়তে তেওঁ কয়, "কোজিকোডে দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছো ৷ বৰষুণৰ বতৰৰ বাবে ৰানৱে'ৰ পৰা পিছলি পৰে ডুবাইৰ পৰা কোজিকোডেলৈ অহা AXB-1344 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ৷ 35 ফুট তলত পৰাৰ পাচতে দুই টুকুৰা হৈ পৰে বিমানখন ৷"