অসম

assam

By

Published : Apr 6, 2019, 1:08 PM IST

ETV Bharat / bharat

নিৰ্বাচনক লৈ আলোচনাত মিলিত দেশৰ সকলো ৰাজ্যৰ আৰক্ষী

আইন-শৃংখলাজনিত দিশসমূহৰ লগতে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানীত আলোচনাত মিলিত দেশৰ সকলো ৰাজ্যৰে আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল

আলোচনাত মিলিত দেশৰ সকলো ৰাজ্যৰ আৰক্ষী

নিউজ ডেস্ক, 6 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই আইন-শৃংখলাজনিত পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আলোচনাত মিলিত হয় দেশৰ কেইবাখনো ৰাজ্যৰ আৰক্ষী বিভাগ ৷ নতুন দিল্লীস্থিত দিল্লী আৰক্ষীৰ মুখ্যালয়ত আৰক্ষী আয়ুক্ত পৰ্যায়ত অনুষ্ঠিত হয় উক্ত আলোচনাচক্ৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ সকলো ৰাজ্যৰ আৰক্ষীৰ মাজত একক যোগসূত্ৰ অব্যাহত ৰখাৰ লগতে সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ এই আলোচনাত মিলিত হয় আৰক্ষী বিষয়াসকল ৷ দিল্লী আৰক্ষীৰ আয়ুক্ত অমূল্য পাঠকৰ সভাপতিত্বত অনুষ্ঠিত আলোচনাচক্ৰখনিত অংশগ্ৰহণ কৰে হাৰিয়ানা,পঞ্জাৱ,উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,মধ্য প্ৰদেশ,ৰাজস্থান, বিহাৰ,হিমাচল প্ৰদেশ আৰু চণ্ডীগড় আৰক্ষীয়ে ৷

আলোচনাচক্ৰত নগদ ধন, সন্ত্ৰাসবাদ, অবৈধ সুৰা, অস্ত্ৰ-শস্ত্ৰ আদিৰ ওপৰত নজৰ ৰাখিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অসামাজিক কাৰ্যকলাপকে ধৰি চাইবাৰ গতিবিধিৰ ওপৰতো নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে দিল্লী আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details