নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ: প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি মঙলবাৰে দেশৰ বানপানী প্ৰভাৱিত লোকসকলৰ বাবে 15 টন দুৰ্যোগ সাহায্য সামগ্ৰীৰ সৈতে ইণ্ডিয়ান নাৱাল শ্বিপ কম্বডিয়াৰ চিহানৌক’কভিলে পোৰ্টত উপনীত হৈছিল ৷
অক্টোবৰ আৰু নৱেম্বৰত অঞ্চলটো বানপানীৰ বাবে কম্বডিয়াৰ প্ৰায় ৮ লাখ লোক প্ৰভাৱিত হৈছে আৰু কমেও ৪২ জন লোক মৃত্যু মুখত পৰিছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছিল যে দুৰ্যোগ ৰক্ষাৰ সামগ্ৰীবোৰ কম্বডিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ অধীনত প্ৰদান কৰা হ'ব।
"বৰ্তমানৰ ভ্ৰমণৰ দ্বাৰা দুখন দেশৰ মাজত হোৱা পাৰম্পৰিক সহযোগিতা সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতাৰ বাবে অৱদান আগবঢ়াব বিচাৰিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে ৷