নেশ্যনেল ডেস্ক, 27 আগষ্টঃ ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান আৰু দ্বিতীয় গৰাকী ভাৰতীয় আৰক্ষী সেৱা(IPS) বিষয়া কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু ৷ দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল তেওঁ ৷ সোমবাৰে নিশা মুম্বাইত মৃত্যু হয় তেওঁৰ ৷
ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু - কাঞ্চন চৌধৰী ভট্টাচাৰ্য
প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান আৰু দ্বিতীয় গৰাকী ভাৰতীয় আৰক্ষী সেৱা(IPS) বিষয়া কাঞ্চন চৌধাৰী ভট্টাচাৰ্যৰ মৃত্যু ৷ দীৰ্ঘ সময় ধৰি অসুস্থ হৈ আছিল ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধানগৰাকী ৷
ভাৰতৰ প্ৰথম মহিলা আৰক্ষীৰ সচিব প্ৰধান কাঞ্চন চৌধৰী ভট্টাচাৰ্যৰ মৃত্যু
1973 গোটৰ IPS বিষয়া আছিল তেওঁ ৷ 2004 চনত উত্তৰাখণ্ডৰ আৰক্ষীৰ সচিব প্ৰধান হিচাপে নিয়োগ কৰা হৈছিল ৷ 2007 বৰ্ষৰ 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰিছিল তেওঁ ৷ অৱসৰ গ্ৰহণৰ পিছত তেওঁ 2014 চনত লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ হৈ হৰিদ্বাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ য’ত তেওঁ পৰাজিত হৈছিল ৷ উত্তৰাখণ্ড আৰক্ষীয়ে টুইটাৰ যোগে তেওঁৰ মৃত্যুৰ বাতৰি ৰাজহুৱা কৰে ৷