অসম

assam

ETV Bharat / bharat

দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান - কেৰালাৰ নাভ অল্ট চোলাৰ এণ্ড ইলেকট্ৰিক বোটচ

দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী, আদিত্য, যিয়ে তিনিবছৰ পূৰ্বে ইয়াৰ বাণিজ্যিক যাত্ৰা আৰম্ভ কৰিছিল, এইখন ফেৰীয়ে লাভ কৰিছে সন্মানীয় Gustave Trouve বঁটা ৷ Gustave Trouve হৈছে আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ইলেকট্ৰিক বোট আৰু বোটিং শাখাত আদিত্যই এই বঁটা লাভ কৰে ৷

দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান
দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী আদিত্যলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

By

Published : Aug 2, 2020, 10:39 PM IST

নিউজ ডেস্ক, 2 আগষ্ট :দেশৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী, কেৰালাৰ ভেমবানাড়স্থিত "আদিত্য"ই লাভ কৰিছে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বঁটা ৷ নৌকাচালনা আৰু বৈদ্যুতিক নৌকা শিতানত ফেৰীখনে লাভ কৰিছে এই বঁটা ৷ তিনিবছৰ পূৰ্বে বাণিজ্যিক স্বীকৃতি লাভ কৰা আদিত্য হৈছে ভাৰতৰ প্ৰথমখন সৌৰশক্তি চালিত ফেৰী ৷

কেৰালাবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এয়া এক গৌৰৱৰ বিষয় ৷ কেৰালা ৰাজ্যিক জল পৰিৱহন বিভাগৰ দ্বাৰা পৰিচালিত আদিত্যই চলিত বৰ্ষত লাভ কৰিছে সন্মানীয় Gustave Trouve বঁটা ৷ এই বঁটাটো ফ্ৰান্সৰ বৈদ্যুতিক অভিযন্তা আৰু বৈদ্যুতিক গাড়ী তথা নৌকাৰ জন্মদাতা গুষ্টাভ ট্ৰুভেৰ নামত প্ৰদান কৰা হয় ৷

বিশ্বৰ সকলো প্ৰান্তৰ পৰা নিৰ্বাচিত হৈ অহা ফেৰীসমূহৰ মাজৰ পৰাই আদিত্যই ভাড়াযুক্ত বৈদ্যুতিক ফেৰী সেৱা শিতানত, নৌকাচালনা আৰু বৈদ্যুতিক নৌকাৰ সৰ্বোত্তম বৈদ্যুতিক ফেৰী হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ হিচাপে উজলি উঠে ৷

কেৰালা ৰাজ্যিক জল পৰিৱহন বিভাগৰ দ্বাৰা পৰিচালিত তথা কেৰালাৰ নাভ অল্ট চোলাৰ এণ্ড ইলেকট্ৰিক বোটচৰ দ্বাৰা নিৰ্মিত আদিত্যই এই খিতাপ ইউৰোপ, ছিংগাপুৰ আৰু অন্যান্য দেশৰ পৰা অহা নৌকাসমূহৰ মাজৰ পৰা শীৰ্ষস্থান লাভ কৰে ৷

বিগত তিনি বছৰে কেৰালাৰ কোট্টায়াম আৰু আলাপূড়া জিলাৰ মাজৰ ভাইকম-থানভানাক্কাডাবুৰ 2.5 কিলোমিটাৰ যাত্ৰাপথত সেৱা আগবঢ়াই আহিছে আদিত্যই ৷ দেশৰ প্ৰথমখন কম-খৰচী-পৰিৱেশ উপযোগী সৌৰশক্তি চালিত ফেৰী হৈছে আদিত্য ৷ ইয়াৰ তিনি বছৰৰ সেৱাত আদিত্যই প্ৰায় 70,000 কিলোমিটাৰ যাত্ৰা একমাত্ৰ সৌৰশক্তিৰ সহায়ত সম্পন্ন কৰিছে ৷ আদিত্যই প্ৰতি বছৰে 25 লাখ টকাৰ ডিজেলৰ ব্যয় ৰাহি কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু পৰিমানে কাৰ্বন নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হৈছে ৷ 75 গৰাকী ব্যক্তিক কঢ়িয়াই নিয়াৰ সক্ষমতাৰে পূৰ্ণ আদিত্যক 2000 কোটিৰ ব্যয় সাপেক্ষে প্ৰস্তুত কৰি উলিওৱা হৈছিল আৰু ই প্ৰতিদিনে 8000 টকাৰ ডিজেলৰ তুলনাত মাত্ৰ 180 টকাৰ বিদ্যুত খৰচ কৰে ৷

লগতে পঢ়ক :কেৰালাত কৰ'ণা আক্ৰান্ত মহিলাই প্ৰসৱ কৰিলে যমজ সন্তান

ABOUT THE AUTHOR

...view details