শেহতীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ সৈতে হোৱা বৈঠকত বিশ্ব বেংকে জনাইছিল যে ১৯৯০ চনৰ পৰা ভাৰতে সম্পত্তিৰ হাৰ দুগুণ কৰিছে। কিন্তু, প্ৰকৃততে বিগত তিনি বছৰত দেশত ভোকাতুৰ লোক সংখ্যা বৃদ্ধই পাইছে । বিশ্ব ক্ষুধা সূচকাংকত ১১৭খন দেশৰ ভিতৰত ভাৰতে ১০২ নং স্থান লাভ কৰিছে । চুবুৰীয়া দেশ পাকিস্তানে ৯৪ নং স্থান,বাংলাদেশ ৮৮ নং স্থান,নেপালে ৭৩ নং স্থান,ম্যানমাৰে ৬৯ সংখ্যক স্থান আৰু শ্ৰীলংকাই ৬৬ সংখ্যক স্থানেৰে ভাৰততকৈ আগত আছে।
এই সূচকাংকই এটা কথা স্পষ্ট কৰে যে ভাৰতৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যাই দেশখনত ক্ষুধাৰ সমস্যা বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে বিশ্ব ক্ষুধা সূচকাংক অৰ্থাৎ GHI-ত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱা স্বত্বেও চীনে ২৫নং স্থান দখল কৰিছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনে পূৰ্বতেও জনাইছিল যে পুষ্টিহীনতা বা খাদ্য সুৰক্ষা অবিহনে জীয়াই থকা লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে । ইপিনে,বিশ্ববেংকে সকিয়নী দিছে যে দ্ৰুতগতিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ভাৰতৰ দৰে দক্ষিণ এছিয়াৰ দেশসমূহত খাদ্যৰ উৎপাদন ৫০ শতাংশ হ্ৰাস পাব। এই কথা সকলোৰে জ্ঞাত যে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ ফলাফলসমূহ বহনক্ষম উন্নয়নৰ বাবে বাধাস্বৰূপ। কৃষিভিত্তিক উৎপাদন বৃদ্ধি নোপোৱাৰ লগতে ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ অনুপাতৰ মাটিত খেতি নকৰাৰ বাবে খাদ্য সুৰক্ষাৰ অভাৱে দেখা দিয়ে । আজিও গ্ৰামাঞ্চলৰ ৭৫ শতাংশ লোক আৰু চহৰাঞ্চলৰ ৫০ শতাংশ লোক খাদ্যৰ বাবে চৰকাৰী ৰেচন ব্যৱস্থাৰ ওপৰতেই নিৰ্ভৰশীল। বিক্ষিপ্ত যোগান ব্যৱস্থাৰ বাবে জনসংখ্যাৰ এক বৃহৎ অংশৰ খাদ্য সুৰক্ষাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।
যদিও মধ্যাহ্ন ভোজন আৰু সংযুক্ত শিশু বিকাশ সেৱাক একেলগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত অনা হয়, আইনখন কাৰ্যকৰী কৰাত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ দেখা যায়। যাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। খাদ্যশস্যৰ যোগান,ভঁৰাল আৰু ব্যৱস্থাপনাত আসোঁৱাহৰ লগতে তৃতীয় চতুৰ্থাংশ খাদ্য শস্যই বিনষ্ট হৈছে। প্ৰাকৃতিক দুৰ্যোগ আৰু আন প্ৰাকৃতিক সমস্যাই খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ সংকটৰ সৃষ্টি কৰিছে। আবতৰীয়া বৰষুণে শস্য নষ্ট কৰি কৃষকৰ মূৰত ৰাম টাঙোন শোধাইছে। যাৰ ফলত কৃষিভূমি উকা হৈ পৰি ৰৈছে। ভূমিৰ ব্যৱহাৰ সলনি হোৱাৰ ফলত খাদ্য শস্যৰ উৎপাদনত কু-প্ৰভাৱ পেলাইছে। যদি জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা এই হাৰত অব্যাহত থাকে,তেন্তে ভৱিষ্যত প্ৰজন্মৰ জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব।