অসম

assam

By

Published : Jul 24, 2020, 9:34 AM IST

Updated : Jul 24, 2020, 11:57 AM IST

ETV Bharat / bharat

ড'প টেষ্ট : সোণলৈ উন্নীত জাকাৰ্টা এছিয়ান গেমছ ভাৰতৰ ৰূপৰ পদক

জাকাৰ্টা এছিয়ান গেমছত 4x400 ৰিলেৰ মিশ্ৰিত শাখাত ভাৰতীয় দলত আছিল মহম্মদ অনাছ, পুৱামা, হিমা দাস আৰু আৰকীয়া ৰাজীৱ ৷

India's 2018 Asian Games mixed relay medal upgraded to gold
জাকাৰ্টা এছিয়ান গেমছত ভাৰতৰ ৰূপৰ পদকক সোণৰ পদকলৈ উন্নীত

নিউজ ডেস্ক, 24 জুলাই : জাকাৰ্টা এছিয়ান গেমছত 4x400 ৰিলেৰ মিশ্ৰিত শাখাত ভাৰতীয় দলে লাভ কৰা ৰূপৰ পদকক সোণৰ পদকলৈ উন্নীত কৰা হৈছে ৷ এথেলেটিকছ ফেডাৰেছন অৱ ইণ্ডিয়াই বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা ৷ ডপিং টেষ্টত বিজয়ী দল বাহৰাইনক অযোগ্য ঘোষণা কৰাৰ বাবে ভাৰতীয় দলক বিজয়ী ঘোষণা কৰা হয় ৷

জাকাৰ্টা এছিয়ান গেমছত ভাৰতৰ ৰূপৰ পদকক সোণৰ পদকলৈ উন্নীত

2018 চনৰ এছিয়ান গেমছৰ 4x400 ৰিলেৰ মিশ্ৰিত শাখাৰ বিজয়ী দলৰ প্ৰতিদ্বন্দী কেমি এডেকোয়াক এথেলেটিকছ ইনগ্ৰিগ্ৰিটি ইউনিটে ড্ৰপিং টেষ্টত ব্যৰ্থ ঘোষণা কৰাৰ লগতে খেলুৱৈগৰাকীক চাৰি বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰে ৷ কেমি এডেকোয়াক অযোগ্য ঘোষণা কৰাৰ পাচতেই ভাৰতীয় দলক বিজয়ী হিচাপে ঘোষণা কৰে এছিয়ান গেমছৰ কৰ্তৃপক্ষই ৷

প্ৰতিযোগিতাৰ সময়ত বাহৰেইনৰ খেলুৱৈ গৰাকীয়ে হিমা দাসৰ ট্ৰেকত বাধাৰ সৃষ্টি কৰাৰ এক অভিযোগ ভাৰতীয় দলে দাখিল কৰিছিল ৷ কিন্তু ভাৰতীয় দলৰ এই অভিযোগ এছিয়ান গেমছৰ কৰ্তৃপক্ষই অগ্ৰাহ্য কৰাত ভাৰত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয় ৷

জাকাৰ্টা এছিয়ান গেমছত ভাৰতৰ ৰূপৰ পদকক সোণৰ পদকলৈ উন্নীত

জাকাৰ্টা এছিয়ান গেমছত 4x400 ৰিলেৰ মিশ্ৰিত শাখাত ভাৰতীয় দলত হিমা দাসৰ লগত আছিল মহম্মদ অনাছ, পুৱামা আৰু আৰকীয়া ৰাজীৱ ৷

লগতে পঢ়ক : ভাৰতীয় সেনাৰ মহিলা বিষয়াৰ বাবে স্থায়ী কমিচন জাৰি

Last Updated : Jul 24, 2020, 11:57 AM IST

ABOUT THE AUTHOR

...view details