অসম

assam

ETV Bharat / bharat

2020 বৰ্ষত আমেৰিকা,চীনলৈ বৃদ্ধি পাইছে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ - কেন্দ্ৰীয় চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি 2020 চনৰ চেপ্তেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি হৈছে 5.1 বিলিয়ন মাৰ্কিন ডলাৰ ৷ যিটো 2015 চনৰ এমাহৰ (4.4 বিলিয়ন মাৰ্কিন ডলাৰ) তুলনাত 15.5 শতাংশ বেছি ৷

2020 বৰ্ষত আমেৰিকা,চীনলৈ বৃদ্ধি পাইছে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ
2020 বৰ্ষত আমেৰিকা,চীনলৈ বৃদ্ধি পাইছে ভাৰতৰ ৰপ্তানিৰ পৰিমাণ

By

Published : Oct 21, 2020, 7:27 AM IST

নতুন দিল্লী, 21 অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ চাপৰ বাবে বৈদেশিক বাণিজ্যত প্ৰভাৱ পৰিছে বিগত বছৰ সমূহৰ তুলনাত ৷ বিগত সময়ছোৱাত বিদেশৰ পৰা আমদানিৰ পৰিমাণ হ্ৰাস পাইছে বিপৰীতে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ বিশেষভাৱে বৃদ্ধি পাইছে৷

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি 2020 চনৰ চেপ্তেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি হৈছে 5.1 বিলিয়ন মাৰ্কিন ডলাৰ ৷ যিটো 2015 চনৰ এমাহৰ (4.4 বিলিয়ন মাৰ্কিন ডলাৰ) তুলনাত 15.5 শতাংশ বেছি ৷

2020 চনৰ চেপ্তেম্বৰ মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আমদানি লক্ষণীয়ভাৱে 34.3 শতাংশ হ্ৰাস পায় 1.8 বিলিয়ন মাৰ্কিন ডলাৰত স্থিৰ হয় 2019 চনৰ ছেপ্তেম্বৰ মাহৰ তুলনাত 2.8 বিলিয়ন মাৰ্কিন ডলাৰৰ তুলনাত ৷

একেদৰে চীনৰ পৰা আমদানি যিটো পণ্য সামগ্ৰীৰ সৰ্বাধিক উৎপাদনকাৰী এক খণ্ড বুলি কোৱা হয়, চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ মাজলৈকে 27.4 বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পায় ৷ যদিও আমদানি বিগত বৰ্ষৰ দৰেই একেটা সময়তে 36.3 শতাংশ মাৰ্কিন ডলাৰৰ পৰা 24.5 শতাংশ হ্ৰাস পাইছে ৷

ইতিমধ্যে চীনলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ পূৰ্বতকৈ বৃদ্ধি পায় 26.3 শতাংশ হৈছেগৈ ৷ যিটো 2019 চনৰ এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহৰ মাজভাগলৈ 8.4 বিলিয়ন ডলাৰৰ পৰিসংখ্যাতকৈ সন্তোষজনক ৷

লগতে চাওকঃ বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details