নেশ্যনেল ডেস্ক, 13 মাৰ্চ : ভ্ৰমণ সম্পৰ্কীয় প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত থকা সকলোবোৰ প্ৰশ্নৰ সমাধানৰ বাবে আমেৰিকাস্থিত ভাৰতীয় দূতাবাসে আৰম্ভ কৰিছে 24 ঘন্টীয়া হেল্পলাইন ৷ কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰা পাচতে এই হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে ৷
উল্লেখ্য যে,কৰ'ণাভাইৰাছৰ ফলত বৃহস্পতিবাৰে ভাৰতত প্ৰথমজন লোকৰ মৃত্যু ঘটিছে ৷ আনহাতে, বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 74 জনলৈ বৃদ্ধি পাইছে ৷ চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই প্ৰাণনাশক ভাইৰাছে বৰ্তমানলৈকে সমগ্ৰ বিশ্বৰে প্ৰায় 4,600 লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 124,330 লোকক আক্ৰান্ত কৰিছে ৷