অসম

assam

ETV Bharat / bharat

মাজ সমুদ্ৰত ব্ৰিটিছ নাগৰিকৰ জীৱন ৰক্ষা ভাৰতীয় জাহাজৰ - ইটিভি ভাৰত

ইণ্ডিয়ান ক'ষ্ট গাৰ্ডৰ C-158 নামৰ জাহাজে সমুদ্ৰ যাত্ৰাৰ পৰা উদ্ধাৰ কৰে হৃদযন্ত্ৰৰ অসুখত ভোগা ব্ৰিটিছ নাগৰিকক

etv bharat

By

Published : Mar 22, 2019, 9:37 AM IST

নিউজ ডেস্ক, 22 মাৰ্চ : ভাৰতীয় সামুদ্ৰিক জাহাজৰ সহায়ত আসন্ন মৃত্যুৰ পৰা ৰক্ষা পৰে এজন ব্ৰিটিছ নাগৰিক৷ মাজ সমুদ্ৰতেই হৃদযন্ত্ৰৰ অসুখত ভোগা ব্ৰিটিছ নাগৰিকজনৰ সহায় কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰে ইণ্ডিয়ান কোষ্ট গাৰ্ডে ৷

কোচিৰ পৰা আবুধাবিলৈ আৰ এম এছ এম ভি কুইন মেৰি 2 নামৰ জাহাজেৰে যাত্ৰা কৰাৰ কালতেই বৃহস্পতিবাৰে অসুস্থ হৈ পৰে 67 বছৰীয়া ব্ৰিটিছ নাগৰিকজন৷ এই জৰুৰীকালীন সময়ত জাহাখনৰ কৰ্তৃপক্ষই সহায়ৰ বাবে মুম্বাইস্থিত মেৰিন টাইম ৰেস্কিও কোৰ্ডিনেশ্বন চেন্টাৰ (MRCC) ৰ সৈতে যোগাযোগ কৰাত ৰোগীজনৰ সহায়ৰ বাবে উপস্থিত হয় ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ C-158 নামৰ জাহাখন৷ চিকিৎসাৰ বাবে লোকজনক মানিপাল হাস্পতাললৈ প্ৰেৰণ কৰিছে ইণ্ডিয়ান কোষ্ট গাৰ্ডে৷

ABOUT THE AUTHOR

...view details