নিউজ ডেস্ক, 26 ডিচেম্বৰ: এই দশকৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ'ল ভাৰত ৷ উৰিষ্যা, কেৰালা, গুজৰাট, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই সূৰ্য গ্ৰহণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল ৷ পুৱা 8.17 বজাৰ পৰা 10.57 বজালৈ দেখা গৈছে এই সুৰ্যগ্ৰহণ ৷ বাংলাদেশতো পুৱা 9.02 বজাৰ পৰা দিনৰ 12.08 বজালৈ দেখা পোৱা যায় এই সূৰ্য গ্ৰহণ ৷ এইবোৰৰ উপৰিও বিশ্বৰ বিভিন্ন স্থানত যেনে মালেছিয়া, ছৌদী আৰৱ, কাটাৰ, ইণ্ডোনেছিয়া আৰু ছিংগাপুৰৰ জনসাধাৰণৰ সাক্ষী হ'ল এই সূৰ্য গ্ৰহণৰ ৷
অতীতৰে পৰা সূৰ্য গ্ৰহণৰ এক ধাৰ্মিক মহত্ব আছে ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে খাদ্য গ্ৰহণ নকৰে সূৰ্য গ্ৰহণৰ সময়ত ৷ দিল্লীৰ বিৰলা মন্দিৰ, কৰ্ণাটকৰ ছাই বাবা মন্দিৰ, কেৰালাৰ সবৰীমালা মন্দিৰকে ধৰি দেশৰ বিভিন্ন মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি দিয়া হয় এই সূৰ্য গ্ৰহণৰ বাবে ৷ আজি দিনৰ 12 বজাত ভক্তৰ বাবে পুনৰ খুলি দিয়া হয় মন্দিৰৰ দুৱাৰ ৷ উত্তৰ প্ৰদেশটো গংগা ঘাটত সূৰ্যগ্ৰহণ উপলক্ষে হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈ সূৰ্য পূজা আগবঢ়াই ৷