নিউজ ডেস্ক, 3 জুলাই : 2027 চনত বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ হ’ব ভাৰত ৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ প্ৰতিবেদনৰ তথ্য অনুসৰি, পৰৱৰ্তী 7 বছৰত চুবুৰীয়া দেশ চীনৰ 143 কোটি জনসংখ্যা অতিক্ৰম কৰিব ভাৰতৰ জনবিস্ফোৰণে ৷ 2050 চনত ভাৰতৰ আনুমানিক জনসংখ্যা 164 কোটিতকৈ অধিক হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ ৷ অৱশ্যে ৰাষ্ট্ৰসংঘৰ পূৰ্বৰ একাধিক প্ৰতিবেদনকৈ এই প্ৰতিবেদনত পাৰ্থক্য দেখা গৈছে ৷ 2015 চনৰ প্ৰতিবেদন অনুসৰি 2022 চনতে ভৰতে চীনৰ জনসংখ্যা চেৰ পেলাব বুলি উল্লেখ আছিল ৷ আনহাতে, 2017 চনৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যত এই সময়সীমা আছিল 2024 চন ৷
2050 চনলৈ ভাৰত, পাকিস্তান আৰু নাইজেৰিয়াত বৃদ্ধি হ’ব প্ৰায় 50 শতাংশ জনসংখ্যা ৷ যাৰ বাবে এই দেশকেইখনে ইয়াৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যা নিৰ্মূল কৰিবলৈ গ্ৰহণ কৰিব লাগিব বিশেষ পৰিকল্পনা ৷ ভাৰতৰ বাবে খাদ্য, পৰিবহণ, শিক্ষা, স্বাস্থ্য, পেট্ৰলিয়াম আৰু আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত আহিব প্ৰবল প্ৰত্যাহ্বান ৷ বৰ্দ্ধিত জনসংখ্যাই ব্যাপক প্ৰভাৱ পেলাব নগৰ আৰু চহৰ অঞ্চলত ৷ পৰৱৰ্তী তিনিটা দশকত ভাৰতৰ প্ৰায় 68 শতাংশ জনসংখ্যা চহৰাঞ্চলৰ বাসিন্দা হ’ব ৷ দিল্লী হ’ব বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল নগৰ ৷ বৰ্তমান ভাৰতৰ ৰাজধানী চহৰখনৰ জনসংখ্যা প্ৰায় 3 কোটি ৷ অহা 9 বছৰত ইয়াৰ সংখ্যা 9.72 কোটি হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ ৷ এই প্ৰত্যাহ্বান দূৰীকৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যেই ছেটেলাইট চিটি নিৰ্মাণৰ কথা উল্লেখ কৰিছে ৷