নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ মস্কোত উপস্থিত হৈ প্ৰতিৰক্ষা বিভাগৰ আধুনিকীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কত মন্তব্য কৰে ৷ তেওঁ কয় যে,উন্নত প্ৰযুক্তিবিদ্যাৰে প্ৰতিৰক্ষা বিভাগক আধুনিকীকৰণৰ বাবে ৰাছিয়াৰ সৈতে ভাৰতে সহযোগিতা কৰিব ৷
প্ৰতিৰক্ষা বিভাগৰ আধুনিকীকৰণৰ বাবে ৰাছিয়াৰ সৈতে ভাৰতৰ সহযোগিতা : ৰাজনাথ সিং - ৰাছিয়াৰ মস্কো
ৰাছিয়াৰ সৈতে ভাৰতে প্ৰতিৰক্ষা বিভাগক উন্নত তথা আধুনিকীকৰণ কৰিবৰ বাবে সহযোগিতা আৰম্ভ কৰিছে ৷ ৰাছিয়াৰ মস্কোত উপস্থিত হৈ এই মন্তব্য কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷
ৰাছিয়াৰ মস্কোত ৰাজনাথ সিং
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে, "ৰাছিয়াৰ উন্নত প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা বিভাগক সমৃদ্ধিশালী কৰিব পৰা যাব ৷" লগতে তেওঁ কয়, "ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে চৰকাৰে OEM (Original Equipment Manufacturers)ৰ সৈতে আলোচনা কৰিছে ৷ ৰাছিয়াৰ কোম্পানীসমূহৰ সৈতে সহযোগিতাৰে বিভিন্ন নতুন অস্ত্ৰ-শস্ত্ৰৰ বাবে বাট মুকলি কৰা হ'ব ৷"
আৰু পঢ়ক : জম্মু-কাশ্মীৰত নিৰীক্ষণ সহজ হৈ পৰিছে,সেনা প্ৰধান বিপিন ৰাৱট