অসম

assam

ETV Bharat / bharat

COVID-19 : ভাৰতত 88 লাখলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা - কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে

ভাৰতত সোমবাৰে 88,45,127টা কৰ'ণা আক্ৰান্তৰ ঘটনা পঞ্জীয়ন কৰা হৈছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, 15 নৱেম্বৰত নমুনা পৰীক্ষা কৰা হৈছে 8,61,706 জন লোকৰ ।

COVID-১৯: ভাৰতত ৮৮ লাখলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
COVID-১৯: ভাৰতত ৮৮ লাখলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

By

Published : Nov 16, 2020, 1:07 PM IST

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ: মাত্ৰ এটা দিনত ভাৰতত নতুনকৈ 30,548 জন আক্ৰান্তসহ বৰ্তমানলৈকে মুঠ 88,45,127 জন লোক মহামাৰীৰ কৱলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 82,49,579 জন লোক এতিয়ালৈকে আৰোগ্য হৈ উঠিছে । শেহতীয়কৈ কৰ'ণা মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে 435 জন ৰোগীয়ে । এই পৰ্যন্ত মুঠ 1,30,070 জনৰ মৃত্যু হৈছে ।

COVID-১৯: ভাৰতত ৮৮ লাখলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

সোমবাৰে পুৱা 8 বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ 93.27 শতাংশ আৰু মৃত্যুৰ হাৰ 1.47 শতাংশ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, 15 নৱেম্বৰত নমুনা পৰীক্ষা কৰা হৈছে 8,61,706 জন লোকৰ । বৰ্তমানলৈকে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে মুঠ 12,56,98,525 জন লোকৰ নমুনা পৰীক্ষা কৰিছে ।

লগতে পঢ়ক:ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ

ABOUT THE AUTHOR

...view details