হায়দৰাবাদ,14 নৱেম্বৰ: ভাৰতত কৰ’ণা আক্ৰান্তৰ সংখ্যাই 87 লক্ষাধিকৰ সীমা অতিক্ৰম কৰিছে ৷ দেশতএদিনতে 44,684 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 81,63,572 গৰাকী ব্যক্তিয়ে ৷ দেশত বৰ্তমান আৰোগ্যৰ হাৰ 93.04 শতাংশ বুলি শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি জানিব পৰা গৈছে ৷
ভাৰতত 87,73,479 গৰাকী ব্যক্তিয়ে বৰ্তমান কৰ’ণাত আক্ৰান্ত হৈছে ৷ আনহাতে, কৰ’ণাত মৃত্যু ঘটিছে 1,29,188 গৰাকী লোকৰ ৷ বিগত 24 ঘণ্টাত 520 গৰাকী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে ৷ মৃত্যুৰ হাৰ সম্প্ৰতি দেশখনত 1.47 শতাংশ ৷