নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ :ভাৰতত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যাই শনিবাৰে এক কোটিৰ ঘৰ অতিক্ৰম কৰে । বিগত এমাহত নতুনকৈ ১০ লাখ লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰে ৯৫.৫০ লাখ লোকে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শনিবাৰে প্ৰকাশ কৰে এই তথ্য ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যাই ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৪০ লাখতকৈ অতিক্ৰম কৰিছিল । এই সংখ্যাই ক্ৰমে ৬ ছেপ্টেম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, আৰু ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল ।
ভাৰতত বৰ্তমান ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা ১,০০,০৪,৫৯৯ গৰাকীলৈ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১,৪৫,১৩৬ গৰাকীলৈ ।স্বাস্থ্য মন্ত্ৰণালযৰ তথ্য অনুসৰি, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ দেশত ২৪ ঘণ্টাত ৩৪৭ জনৰো অধিক লোকৰ মৃত্যু হৈছিল । অৱশ্যে বৰ্তমান মৃত্যুৰ এই হাৰ ১.৪৫ শতাংশলৈ হ্ৰাস পাইছে । আনহাতে ভাৰতত এতিয়া ৩,০৮,৭৫১ টা ঘটনা সক্ৰিয় হৈ আছে যি মুঠ আক্ৰান্তৰ হাৰৰ ৩.০৮ শতাংশ ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা অনুসৰি দেশত ১৯ ডিচেম্বৰত ১১,৭১,৮৬৮ লোকৰ ক'ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰ লগতে ভাৰতত ক'ভিড পৰীক্ষণ কৰা লোকৰ সংখ্যা ১৬,০০,৯০,৫১৪ লৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক :কৃষক বিদ্ৰোহৰ ২৪ টা দিন : অব্যাহত প্ৰতিবাদ