নিউজ ডেস্ক, 21 এপ্ৰিল: দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীলংকাৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷ ৰাজস্থানৰ চিত্তোৰগড়ত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ মন্তব্য কৰে যে, ইষ্টাৰ উৎসৱ বিশ্বৰ প্ৰতিখন দেশতে উলহ - মালহেৰে পালন কৰা হয় ৷ এনে শুভ ক্ষণত দুই শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিছে এই সন্ত্ৰাসবাদী আক্ৰমণে ৷ শ্ৰীলংকাৰ এই শোকাৱহ সময়ত ভাৰত দৃঢ়ভাৱে দেশখনৰ সৈতে ঠিয় হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে ৷ ভাৰতে তেওঁলোকক যিকোনো প্ৰকাৰে সহায়ৰ বাবে সাজু আছে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
শ্ৰীলংকাক সহায়ৰ বাবে সদা প্ৰস্তুত ভাৰত: মোডী - ETV BHARAT
দেওবাৰে এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীলংকা বোমা বিস্ফোৰণৰ ভূক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷ ৰাজস্থানৰ চিত্তোৰগড়ত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ যিকোনো প্ৰকাৰে শ্ৰীলংকাক সহায়ৰ বাবে সাজু বুলি জানিবলৈ দিয়ে ৷
INDIA STANDS FIRMLY WITH SRI LANKA : MODI
এই সম্পৰ্কে মোডীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে বুলিও জানিব পৰা গৈছে ৷ তেওঁ নিজৰ আৰু সমগ্ৰ দেশৰ হৈ সমবেদনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে, শ্ৰীলংকাৰ বহুকেইটা গীৰ্জা তথা হোটেলত সংঘটিত বোমা বিস্ফোৰণত দুই শতাধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছে প্ৰায় 450 জনকৈ লোক ৷ এই আক্ৰমণত মৃত্যুক আঁকোৱালি লৈছে তিনিজনকৈ ভাৰতীয়ই ৷