অসম

assam

ETV Bharat / bharat

ক'ভিড-19 ৰ বিৰুদ্ধে চলা যুঁজলৈ পূৰ্ণ সমৰ্থন কৰ্পৰেট খণ্ডৰ - টি ভি এচ মটৰ কোম্পানী

ভাৰতৰ বহুতো উদ্যোগ প্ৰতিষ্ঠানে মাস্ক, চেনিটাইজাৰ, জৰুৰীকালীন বাহনৰ লগতে চৰকাৰলৈ বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছে । এদিনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 500 কোটি টকা আগবঢ়াইছে ৰিলায়েন্স ইণ্ডাষ্টি গ্ৰুপে ।

কোভিড-19 ৰ বিৰুদ্ধে যুঁজত পূৰ্ণ সমৰ্থন কৰ্পৰেট খণ্ডৰ
কোভিড-19 ৰ বিৰুদ্ধে যুঁজত পূৰ্ণ সমৰ্থন কৰ্পৰেট খণ্ডৰ

By

Published : Mar 31, 2020, 5:32 PM IST

নিউজ ডেস্ক,31 মাৰ্চঃমঙলবাৰেও কৰ্পৰেট খণ্ডৰ প্ৰতিনিধিয়ে মহামাৰী কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ পূৰ্ণ সমৰ্থন অব্যাহত ৰাখিছে । 100 কোটিৰ অধিক ব্যৱসায় চলাই থকা ভাৰতী এন্টাৰপ্ৰাইজে প্ৰকাশ কৰে এই কথা ।

ভাৰতী এণ্টাৰপ্ৰাইজত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীয়ে স্ব-ইচ্চাই সাহায্য আগবঢ়াব । এই সাহায্যৰ পৰা সংগ্ৰহ হোৱা ধনৰাশি ক'ভিড- 19 য়ে সৃষ্টি কৰা পৰিবেশত প্ৰয়োজন হোৱা সহায়ৰ বাবে আগবঢ়াব ।

100 কোটি টকাৰ এক অংশ ক'ভিড-19 ৰ বাবে প্ৰধানমন্ত্ৰীয়ে গঠন কৰা সাহায্য পুঁজিলৈ আগবঢ়াব । আন অংশৰ পৰা মুখা, চেনিটাইজাৰ ক্ৰয়ৰ লগতে ব্যক্তিগত সুৰক্ষাৰ বাবে প্ৰয়োজনীয় আহিলা ক্ৰয় কৰি অত্যাৱশ্যাকীয় সেৱাত জৰিত লোকলৈ আগবঢ়াব ।

ভাৰতী এন্টাৰপ্ৰাইজে প্ৰকাশ কৰা অনুসৰী এক মিলিয়নতকৈয়ো অধিক N-95 মাস্ক উপলব্ধ কৰা হ'ব ।

ইফালে, টি ভি এচ মটৰ কোম্পানীয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰে । ইতিমধ্যে প্ৰতিষ্ঠানটোৱে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 কোটি টকা আগবঢ়াইছে । একেদৰে জিন্দাল ষ্টীলেও 25 কোটি টকা আগবঢ়াইছে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ।

এদিনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 500 কোটি টকা আগবঢ়াইছে ৰিলায়েন্স ইণ্ডাষ্টি গ্ৰুপে । ইয়াৰ লগতে গুজৰাট আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈয়ো 5 কোটি টকা আগবঢ়াই । আনহাতে দেশৰ প্ৰথমখন কোভিড-19 চিকিৎসালয় ৰিলায়েন্স গ্ৰুপেই নিৰ্মাণ কৰি উলিয়াইছে ।

ইয়াৰ উপৰিও ভাৰতৰ বহুতে উদ্যোগ প্ৰতিষ্ঠানে মাস্ক, চেনিটাইজাৰ, জৰুৰীকলিন বাহনৰ লগতে চৰকাৰলৈ বিভিন্ন ধৰণে সাহায্য আগবঢ়াইছে ।

লগতে পঢ়ক : ধুবুৰীত লক্ ডাউন পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details