অসম

assam

ETV Bharat / bharat

21 দিনৰ ভাৰত লকডাউন ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ - দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

21 দিনৰ লকডাউন ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ ৷ 8 বজাত সমগ্ৰ দেশক সম্বোধন কৰি এই কথা প্ৰকাশ মোডীৰ ৷

21 দিনৰ ভাৰত লকডাউন ঘোষণা
প্ৰধানমন্ত্ৰী মোডী

By

Published : Mar 24, 2020, 10:20 PM IST

নেশ্যনেল ডেস্ক, 24 মাৰ্চ : COVID-19 য়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে 21 দিনৰ লকডাউন ঘোষণা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ জৰিয়তে দেশৰ প্ৰতিজন নাগৰিকৰ সুৰক্ষা নিশ্চিত আৰু কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিৰ পৰা যাব বুলি মন্তব্য কৰে মোডীয়ে ৷

মোডীয়ে কয়, "বহু প্ৰচেষ্টাৰ পাচতো কৰ'ণা ভাইৰাছ দেশত ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে ৷ দেশৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতামতৰ ভিত্তিত 21 দিনৰ বাবে ভাৰতত লকডাউন ঘোষণা কৰা হৈছে৷"

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, সামাজিক দূৰত্ব হৈছে ইয়াৰ একমাত্ৰ সমাধান আৰু কিছুলোকৰ দায়িত্বহীন কৰ্মকাণ্ডই সমগ্ৰ দেশলৈ ভাবুকি আনিব পাৰে ৷

"দায়িত্বহীন কৰ্মকাণ্ডৰ ফলত দেশৰ যি ক্ষতি হ'ব সেয়া জুখিবলৈ অসম্ভৱ," এনেদৰে সকলোকে সতৰ্কিত কৰি দিয়ে মোডীয়ে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে দেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে সংখ্যা 519 জনলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 10 জন লোকৰ ৷

আৰু পঢ়ক : গাঁওসমূহক COVID-19 ৰ কৱলৰ পৰা আছুতীয়াকৈ ৰাখিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান ৰামোজী ৰাওৰ

ABOUT THE AUTHOR

...view details