নেশ্যনেল ডেস্ক, 3 আগষ্ট:ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 18 লক্ষাধিক ৷ বিগত 24 ঘণ্টাত দেশত 52,972 গৰাকী লোক COVID-19 আক্ৰান্ত হোৱাৰ বিপৰীতে, এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 771 গৰাকীলৈ ৷
ভাৰতবৰ্ষত সোমবাৰলৈ COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 18,03,696 গৰাকী লোকলৈ ৷ দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা আছে 5,79,357 গৰাকী ৷ বৰ্তমনালৈ এই মহামাৰীৰ কবলৰ পৰা 11,86,203 গৰাকী লোক আৰোগ্য হৈ উঠাৰ লগতে, 38,135 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷
মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত বৰ্তমানলৈ COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 4,41,228 গৰাকী লোকলৈ ৷ তাৰ ভিতৰত 1,48,843 সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, দেওবাৰলৈ মৃত্যুক সাৱটি লোৱা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 15,576 গৰাকীলৈ ৷