নেশ্যনেল ডেস্ক, 21 মাৰ্চ : কৰ'ণা ভাইৰাছে বিশ্বব্যাপী সকলোৰে জীৱনক প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে ৷ বহুলোকে আছুতীয়া কক্ষত নিজকে সোমোৱাই ৰখাৰ লগতে প্ৰাণনাশী ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বহু সংস্থাই ইতিমধ্যেই তেওঁলোকৰ কৰ্মচাৰীক ঘৰৰ পৰা নিজৰ দায়িত্ব চম্ভালিবলৈ অনুমতি প্ৰদান কৰাৰ জৰিয়তে স্বাস্থ্যক সৰ্বোচ্চ স্থান দিয়াৰ প্ৰয়াস কৰিছে৷ কিন্তু, এই সকলোবোৰৰ পাচতো স্তব্ধ কৰিব পৰা নাই মহামাৰীবিধক ৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে ঘোষণা কৰে যে, কৰ'ণা ভাইৰাছৰ দ্বিতীয় পৰ্যায়ত উপস্থিত হৈছে ভাৰত ৷ ইয়াৰ অৰ্থ কি জানো আহক :
কৰ'ণা ভাইৰাছৰ সংক্ৰমণক চাৰিটা বিভিন্ন পৰ্যায়ত বিভক্ত কৰিছে ভাৰতীয় চিকিৎসা পৰিষদে :
প্ৰথম পৰ্যায় : এই পৰ্যায়ত বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকা লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এয়া ভাইৰাছবিধ সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায় ৷ এই পৰ্যায়ত সংক্ৰমণৰ সকলো ঘটনা বিদেশ ভ্ৰমণ কৰাৰ ফলত হোৱা বুলি নিৰ্ধাৰণ কৰা হৈছে ৷
দ্বিতীয় পৰ্যায় : এই পৰ্যায়ক স্থানীয় সংক্ৰমণ বুলি অভিহিত কৰা হৈছে ৷ এই পৰ্যায়ত এজন আক্ৰান্ত লোকৰ পৰা এই ভাইৰাছ বিয়পিব পাৰে ৷ ইয়াৰ অৰ্থ হৈছে এজন সংক্ৰমিত লোকে তেওঁৰ ঘনিষ্ঠ লোকসকলৰ মাজত এই ভাইৰাছ বিয়পাব পাৰে৷ বৰ্তমান ভাৰত এই পৰ্যায়ত আছে ৷