নিউজ ডেস্ক, 11 নৱেম্বৰ: বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা মঙলবাৰৰ পৰা অব্যাহত আছে ৷ নিৰ্বাচনৰ ফলাফলক লৈ মঙলবাৰে পুৱাৰে পৰা আৰ.জে.ডি আৰু এন.ডি.এৰ মাজৰ যুঁজখনে সকলোকে উৎকণ্ঠাৰ মাজলৈ ঠেলি দিছে ৷ ইয়াৰ মাজতে বিহাৰৰ চাকাই বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী সুমিত কুমাৰ সিংহ ৷ তেখেতৰ জয়লাভৰ পাছতে মঙলবাৰে সন্ধিয়া তেখেতৰ সমৰ্থক সকলে আনন্দ উদযাপন কৰে ৷ সমৰ্থক সকলে হোলী আৰু দিপাৱলী একেলগে উদযাপন কৰা পৰিলক্ষিত হয় ৷ সুমিত কুমাৰ সিংহৰ সমৰ্থক সকলে পৰস্পৰে পৰস্পৰক মিঠাই খুৱাই বিজয় উৎসৱ পালন কৰে ৷
বিহাৰ নিৰ্বাচনৰ ফলাফলঃ চাকাইৰ পৰা বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী
বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা মঙলবাৰৰ পৰা অব্যাহত আছে ৷ নিৰ্বাচনৰ ফলাফলক লৈ মঙলবাৰে পুৱাৰে পৰা আৰ.জে.ডি আৰু এন.ডি.এৰ মাজৰ যুঁজখনে সকলোকে উৎকণ্ঠাৰ মাজলৈ ঠেলি দিছে ৷
বিহাৰ নিৰ্বাচনৰ ফলাফলঃ চাকাইৰ পৰা বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী
উল্লেখ্য যে, নিৰ্দলীয় প্ৰাৰ্থী সুমিত কুমাৰ সিংহই সৰ্বমুঠ 4 লাখ 53 হাজাৰ 53 টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷
লগতে পঢ়ক:দিল্লী বিশ্ববিদ্যালয়ত 67 হাজাৰে কৰিলে নামভৰ্ত্তঃ আজি নামভৰ্ত্তিৰ অন্তিম তাৰিখ