অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো - কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

আজি IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ সমান্তৰালকৈ আজি বিত্ত আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টাৰ পেনেলৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰিও ক’ভিড-19ৰ সময়ত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো

By

Published : Sep 4, 2020, 10:37 AM IST

1. আজি IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

আজি হায়দৰাবাদৰ চৰ্দাৰ বল্লৱভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী প্ৰতিষ্ঠান প্ৰাংগনত অনুষ্ঠিত দীক্ষান্ত পেৰেডৰ অন্তত এক ভিডিঅ’ কনফাৰেঞ্চযোগে IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ 131 গৰাকী IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ ভিতৰত 28 গৰাকী মহিলাই 82 সপ্তাহৰ মৌলিক প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ কৰিছে ৷

আজি IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

2. আজি বিত্ত আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টা পেনেলৰ সৈতে মিলিত হ’ব বৈঠকত

আজি 15তম বিত্তীয় আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টা পেনেলৰ সৈতে জিডিপি বৃদ্ধি, জিএছটিৰ ক্ষতিপূৰণ, ৰাজকোষ এককীকৰণ সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব ৷ বৈঠকত উপস্থিত থাকিব অধ্যক্ষ এন.কে সিং আৰু 15 ত্বম বিত্তীয় আয়োগৰ সদস্যসকল ৷

আজি বিত্ত আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টাৰ পেনেলৰ সৈতে মিলিত হ’ব বঠকত

3. ক’ভিড-19ৰ সময়ত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে

কৰ’ণা ভাইৰাছ মহামাৰীৰ মাজতে আজি উচ্চাভিলাসী জিলাসমূহত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷ ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰ (NCGG), প্ৰশাসনিক সংস্কাৰ আৰু গণ পৰিষদ বিভাগ (DARPG) আৰু নীতি আয়োগৰ দ্বাৰা যৌথভাৱে আয়োজিত এই কৰ্মশালাত ক’ভিড-19 মহামাৰী সন্দৰ্ভত জিলাস্তৰত সুশাসন পদ্ধতিৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ৷

ক’ভিড-19ৰ সময়ত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে

লগতে পঢ়ক-IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন জনাব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details