অসম

assam

By

Published : Sep 1, 2020, 8:51 AM IST

Updated : Sep 1, 2020, 10:46 AM IST

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীক সন্মান জনাই পশ্চিমবংগৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা ৷ JEE পৰীক্ষা আধাঘন্টা পিছুৱাবৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব বম্বে উচ্চ ন্যায়ালয়ে ৷ আজি অনুষ্ঠিত হ'ব JEE (Main) পৰীক্ষা ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

1. আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূৰ্খাৰ্জীৰ মঙলবাৰে অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ৷ নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত তেওঁৰ নশ্বৰ দেহত সকলোৱে অন্তিম শ্ৰদ্ধা প্ৰদানৰ সুবিধা লাভ কৰিব ৷

আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

2. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মৃত্যু : পশ্চিমবংগৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীলৈ সন্মান জনাই পশ্চিমবংগ চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত কাৰ্যালয় বন্ধ ঘোষণা কৰিছে ৷ উল্লেখ্য যে, সোমবাৰে 84 বছৰ বয়সত আৰ আৰ আৰ্মী হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে মূখাৰ্জীয়ে ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মৃত্যু : পশ্চিমবংগৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা

3. JEE পৰীক্ষা আধাঘন্টা পিছুৱাবৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব বম্বে উচ্চ ন্যায়ালয়ে

মঙলবাৰে পুৱা 9 বজাৰ পৰা JEE Mains পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময় ধাৰ্য কৰা হৈছে যদিও পুৱা 8:30 বজাত বম্বে উচ্চ ন্যায়ালয়ে পৰীক্ষা পিছুৱাবৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ ভানদাৰাৰ বাসিন্দা নিতেশ বাৱাংকাৰ দাখিল কৰা এক আবেদনৰ ভিত্তিত গ্ৰহণ কৰা হ'ব এই শুনানি ৷

JEE পৰীক্ষা আধাঘন্টা পিছুৱাবৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব বম্বে উচ্চ ন্যায়ালয়ে

4. আজি অনুষ্ঠিত হ'ব JEE (Main) পৰীক্ষা

ছাত্ৰ, সমাজকৰ্মী তথা অন্যান্য ৰাজনৈতিক দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহৰ তীব্ৰ বিৰোধিতাৰ পাচতো অনুষ্ঠিত হ'ব JEE (Main) আৰু NEET (UG) পৰীক্ষা ৷ উল্লেখ্য যে, যোৱা মাহত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশ অনুসৰি, 1 ৰ পৰা 6 ছেপ্টেম্বৰলৈ JEE আৰু 13 ছেপ্টেম্বৰত NEET পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷

আজি অনুষ্ঠিত হ'ব JEE (Main) পৰীক্ষা
Last Updated : Sep 1, 2020, 10:46 AM IST

ABOUT THE AUTHOR

...view details