অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ - বিমানবন্দৰক ব্যক্তিগতকৰণ

আজিৰ পৰা ভাৰতীয় নৌসেনাৰ কমাণ্ডাৰৰ 3 দিনীয়া আলোচনাচক্ৰ ৷ নৌসেনাৰ কমাণ্ডাৰৰ আলোচনাচক্ৰত সম্বোধন জনাব ৰাজনাথ সিঙে ৷ ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ অসামৰিক বিমান মন্ত্ৰণালয়ে বিমানবন্দৰক ব্যক্তিগতকৰণ সন্দৰ্ভত কেবিনেটৰ সন্মুখত প্ৰস্তাৱ ৰাখিব ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

By

Published : Aug 19, 2020, 7:46 AM IST

1. আজিৰ পৰা ভাৰতীয় নৌসেনাৰ কমাণ্ডাৰৰ 3 দিনীয়া আলোচনাচক্ৰ

দেশৰ শীৰ্ষ স্থানৰ নৌসেনাৰ কমাণ্ডাৰসকলে আজিৰ পৰা তিনিদিনীয়া আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব ৷ লাডাখৰ ভাৰত-চীন সীমান্ত বিবাদ আৰু অঞ্চলটোৰ সুৰক্ষা আদি সম্পৰ্কত আলোচনা কৰা হ'ব ৷ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ভাৰতীয় নৌসেনাৰ প্ৰস্তুতি আৰু এছিয়া মহাদেশত সুৰক্ষা সম্পৰ্কত ভাৰতৰ গুৰুত্বতা সম্পৰ্কতো আলোচনা কৰিব নৌসেনাৰ শীৰ্ষ কমাণ্ডাৰসকলে ৷

ভাৰতীয় নৌসেনা

2. নৌসেনাৰ কমাণ্ডাৰৰ আলোচনাচক্ৰত সম্বোধন জনাব ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজিৰ পৰা আৰম্ভ হ'বলগা নৌসেনাৰ কমাণ্ডাৰৰ আলোচনাচক্ৰত সম্বোধন জনাব ৷ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ ভাৰতীয় নৌসেনাৰ প্ৰস্তুতি আৰু এছিয়া মহাদেশত সুৰক্ষা সম্পৰ্কত ভাৰতৰ গুৰুত্বতা সম্পৰ্কত এই অনুষ্ঠানত আলোচনা কৰা হ'ব ৷

ৰাজনাথ সিং

3. ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

পাটনাৰ পৰা মুম্বাইলৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰটো স্থানান্তৰিত কৰিবলৈ ৰিয়া চক্ৰৱৰ্তীয়ে কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ 11 আগষ্টৰ অন্তিম শুনানিত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায়দান স্থগিত ৰখাৰ লগতে দুয়ো পক্ষকে গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷

উচ্চতম ন্যায়ালয়

4. অসামৰিক বিমান মন্ত্ৰণালয়ে বিমানবন্দৰক ব্যক্তিগতকৰণ সন্দৰ্ভত কেবিনেটৰ সন্মুখত প্ৰস্তাৱ ৰাখিব

অধিক সংখ্যক বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বাবে কেবিনেটৰ সন্মুখত আজি প্ৰস্তাব দাখিল কৰিব অসামৰিক বিমান মন্ত্ৰণালয়ে ৷ মঙলবাৰে এই সম্পৰ্কত ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷

হৰদ্বীপ সিং পুৰী

ABOUT THE AUTHOR

...view details