ইম্ফল, 16 চেপ্টেম্বৰ : মণিপুৰৰ ইম্ফলত পালন কৰা হয় 'Where Have All The Flowers Gone’ৰ 6 সংখ্যক সংস্কৰণ ৷ ইম্ফলৰ কনছাং লেমপাৰ্কত সংগীত আৰু কলা সন্দৰ্ভত উদযাপন কৰা হৈছে এই বাৰ্ষিক অনুষ্ঠান ৷ 'Where Have All The Flowers Gone’ উৎসৱৰ মাধ্যমেৰে ৰাইজৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় ৷
ইম্ফলত পালন 'Where Have All The Flowers Gone’ উৎসৱ - গছপুলি ৰোপণ
সংগীত আৰু কলা সন্দৰ্ভত অনুষ্ঠিত হয় বাৰ্ষিক অনুষ্ঠান 'Where Have All The Flowers Gone’ ৷ এই উৎসৱৰ মাধ্যমেৰে ৰাইজৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয় ৷
![ইম্ফলত পালন 'Where Have All The Flowers Gone’ উৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4454939-thumbnail-3x2-asdfasgfasdf.jpg)
ইম্ফলত পালন 'Where Have All The Flowers Gone’
ইম্ফলত পালন 'Where Have All The Flowers Gone’
এই উৎসৱৰ জৰিয়তে চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ মাজৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব প্ৰদান কৰা হয় ৷ যুৱ চামৰ বাবেও ই উপযুক্ত মঞ্চ ৷ সংগীত আৰু কলাৰ লগতে শিশুৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতা,গছ পুলি ৰোপণ ইত্যাদি কাৰ্যসূচীও লোৱা হৈছে এই উৎসৱত ৷ অসম,গোৱাৰ লগতে চুবুৰীয়া বাংলাদেশৰ বিভিন্ন সংগীত শিল্পীৰ দলেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷