অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা পাকিস্তানী মূলৰ যুৱতীৰ

নীতা চোধা নামৰ ভাৰতত অনুপ্ৰৱেশকাৰী এগৰাকী যুৱতীয়ে ৰাজস্থানৰ নটৱাৰাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাইছে ৷ যুৱতীগৰাকী পাকিস্তানী মূলৰ আছিল ৷ শেহতীয়াকৈ যুৱতীগৰাকীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ৷

By

Published : Jan 17, 2020, 6:56 PM IST

ভাৰতীয় নাগৰিকত্ব লাভ
ৰাজস্থানৰ নটৱাৰাৰ পঞ্চায়ত নিৰ্বাচন

টোংক,17 জানুৱাৰীঃ নীতা চোধা নামৰ ভাৰতত অনুপ্ৰৱেশকাৰী এগৰাকী যুৱতীয়ে ৰাজস্থানৰ নটৱাৰাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সুযোগ পাইছে ৷ যুৱতীগৰাকী পাকিস্তানী মূলৰ আছিল ৷ শেহতীয়াকৈ যুৱতীগৰাকীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ৷ উল্লেখ্য যে,যুৱতীগৰাকীৰ শহুৰেক স্থানীয় পঞ্চায়তৰ লগত দীৰ্ঘদিনৰ পৰাই জড়িত আছিল ৷ সেয়ে নিজৰ ৰাজনৈতিক যাত্ৰাত নীতা নামৰ যুৱতীগৰাকীয়ে শহুৰেকৰ পৰা যথেষ্ঠ সহায়-সহযোগ লাভ কৰে ৷ প্ৰায় 18 বছৰ পূৰ্বে নীতা ভাৰতলৈ আহিছিল আৰু দীৰ্ঘদিন ভাৰতত থকাৰ অন্তত 4 মাহ পূৰ্বে ভাৰতীয় নাগৰিকত্ব লাভ কৰে ৷ এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব নীতাই ৷ গ্ৰামাঞ্চলত উন্নত শিক্ষাৰ কাৰণে তথা মহিলাসকলক আগুৱাই নিবলৈ নীতাই ভৱিষ্যতে কাম কৰি যাব বুলি উল্লেখ কৰে ৷

ৰাজস্থানৰ নটৱাৰাৰ পঞ্চায়ত নিৰ্বাচন

নীতাই কয়,"মই ভৱিষ্যতে মহিলাসকলক আগুৱাই নিবলৈ যত্ন কৰিম ৷ লগতে শিক্ষাৰ মানদণ্ডৰ উপৰিও স্বাস্থ্যখণ্ডৰ উন্নতিৰ হকে কাম কৰি যাম ৷ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা মহিলাসকলৰ মজুৰি নিশ্চিত কৰিম ৷ যাতে ভৱিষ্যতে মহিলাসকল অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ’ব পাৰে "৷

ভাৰত সম্পৰ্কে নিজৰ অভিজ্ঞতাৰ ক্ষেত্ৰত নীতাই কয়,পাকিস্তানৰ শিক্ষা ব্যৱস্থা আৰু মহিলাৰ পদ মৰ্যদাতকৈ ভাৰত এইক্ষেত্ৰত বহুগুণে উন্নত ৷ ভাৰতত বসবাস কৰাৰ পৰাই নীতাই স্থানীয় মানুহৰ পৰা সকলো ক্ষেত্ৰত যথেষ্ঠ সহায় পোৱা বুলি জানিবলৈ দিয়ে ৷

লগতে চাওকঃভাৰতৰ প্লাষ্টিক মুক্ত অভিযান আৰু ঝাড়খণ্ডৰ দুখন গাঁও

ABOUT THE AUTHOR

...view details