অসম

assam

ETV Bharat / bharat

যদি প্ৰজ্ঞা এগৰাকী সন্ত্ৰাসবাদী, তাইক শাস্তি প্ৰদান কৰক: পিতৃ - প্ৰজ্ঞা দেৱনাথ

পশ্চিমবংগৰ এগৰাকী যুৱতীক বাংলাদেশৰ সন্ত্ৰাসাবাদ বিৰোধী গোটে গ্ৰেপ্তাৰ কৰে ৷ জামাতুল মুজাহিদীনৰ সৈতে সম্পৰ্ক আছিল প্ৰজ্ঞা দেৱনাথ নামৰ যুৱতীগৰাকীৰ ৷ যুৱতীগৰাকীৰ গ্ৰেপ্তাৰৰ পিচতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পিতৃ-মাতৃয়ে ৷ ইটিভি ভাৰতৰ আগত যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

যদি প্ৰজ্ঞা এগৰাকী সন্ত্ৰাসবাদী, তাইক শাস্তি প্ৰদান কৰক: পিতৃ
যদি প্ৰজ্ঞা এগৰাকী সন্ত্ৰাসবাদী, তাইক শাস্তি প্ৰদান কৰক: পিতৃ

By

Published : Jul 18, 2020, 10:05 PM IST

নিউজ ডেস্ক, 18 জুলাই : বাংলাদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ হাতত গ্ৰেপ্তাৰ হোৱা পশ্চিমবংগৰ যুৱতী প্ৰজ্ঞা দেৱনাথ ওৰফে আয়েশা জন্নত মোহনাৰ পিতৃ-মাতৃয়ে ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ আয়েশাৰ পিতৃয়ে জনোৱা অনুসৰি, 2016 চনৰ পৰাই তেওঁলোকৰ সৈতে যোগাযোগত নাছিল যুৱতীগৰাকী ৷ বাংলাদেশত পঢ়িবলৈ বুলি ওলাই যোৱা যুৱতীগৰাকীয়ে বাংলাদেশৰ পৰাই ফোনযোগে নিজ মাতৃক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ বিষয়ে প্ৰকাশ কৰিছিল আৰু তেতিয়াৰে পৰাই পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল প্ৰজ্ঞা ওৰফে আয়েশাৰ ৷

বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা দেশখনৰ সন্ত্ৰাসবাদ বিৰোধী গোটে গ্ৰেপ্তাৰ কৰিছিল প্ৰজ্ঞা দেৱনাথক ৷ বাংলাদেশৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ বিষয়া এছকে ইমৰান হুছেইনে প্ৰকাশ কৰিছিল এই তথ্য ৷ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি আয়েশা নাম লৈছিল ৷ যুৱতীগৰাকীয়ে বাংলাদেশৰ জামাতুল মুজাহিদীন সন্ত্ৰাসবাদী সংগঠনটোৰ মহিলা শাখাৰ বাবে কাম কৰি আহিছিল ৷ ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৰ মহিলা নিযুক্তিৰ বাবে দায়িত্ব লাভ কৰিছিল প্ৰজ্ঞাই ৷ পৰৱৰ্তী সময়ত বাংলাদেশৰ চোৰাংচোৱাই এই বিষয়ে তথ্য লাভ কৰাত শুকুৰবাৰে অভিযান চলাই ঢাকাৰ পৰা আয়েশাক গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানে যুৱতীগৰাকীক চাৰিদিনৰ জিম্মাত লৈছে অনুসন্ধানকাৰী সংস্থাটোৱে ৷

যদি প্ৰজ্ঞা এগৰাকী সন্ত্ৰাসবাদী, তাইক শাস্তি প্ৰদান কৰক: পিতৃ

প্ৰজ্ঞাৰ ঘৰ পশ্চিমবংগৰ হুগলি জিলাত বুলি জানিব পৰা গৈছে ৷ ধনিয়াখালি আৰক্ষী চকীৰ অন্তৰ্গত কেছৱপুৰ গাঁৱত প্ৰজ্ঞাৰ ঘৰ বুলি জানিব পৰা গৈছে ৷ প্ৰজ্ঞা দেৱনাথে নিজৰ উচ্চ শিক্ষা ধনিয়াখালি মহাবিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত গ্ৰহণ কৰিছিল ৷ কিন্তু পঢ়া সম্পূৰ্ণ নকৰাকৈয়ে ঘৰৰ পৰা পলাই গৈছিল ৷ ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালটোত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ পিতৃৰ দাবী যদিহে তেওঁৰ কন্যাই দেশদ্ৰোহিতা কৰিছে তেতিয়াহ'লে তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ৷

লগতে পঢ়কঃবাংলাদেশত গ্ৰেপ্তাৰ পশ্চিমবংগৰ যুৱতী, জামাতুল মুজাহিদীনৰ সৈতে সম্পৰ্ক

ABOUT THE AUTHOR

...view details